• বৃহৎ পৰিমাণৰ সুৰাসহ ট্রাক জব্দঃ আটক চালক-হেণ্ডিমেন

    আঞ্চলিক

    ধুবুৰীঃ ছাগলীয়াত অৰুণাচলী সুৰাসহ জব্দ কৰা হৈছে ট্ৰাক। ট্ৰাক চালক নীলেশ কুমাৰ পণ্ডিত আৰু হেণ্ডিমেন গৌৰে মৌৰেক আটক কৰিছে আৰক্ষীয়ে। ধৃত দুয়োজনৰ ঘৰ উওৰ প্ৰদেশৰ সুলতানপুৰত। অৰুণাচলৰ পৰা AP 16 TW / 1755 নম্বৰৰ ট্রাকৰে মাকৈৰ বস্তাৰ ভিতৰত সুৰাৰ কাৰ্টন কঢ়িয়াই বিহাৰলৈ যোৱাৰ পথত আৰক্ষীয়ে আটক কৰে।

    ট্ৰাকখনত ছাগলীয়া আৰক্ষীয়ে তালাচী চলোৱাত প্ৰায় তিনিশ কাৰ্টন অৰুণাচলী সুৰাৰ উদ্বাৰ হয়। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক নীলেশ কুমাৰ পণ্ডিত আৰু হেণ্ডিমেন গৌৰে মৌৰেক আটক কৰে। জব্দকৃত সুৰাৰ বজাৰ মূল্য প্রায় পোন্ধৰ লাখ টকা হ’ব বুলি সাংবাদিকক জানিবলৈ দিছে।

    ছাগলীয়াত চেকগে’ট নথকাৰ সুযোগ গ্রহণ কৰি এটা চক্ৰই সুৰাকে ধৰি বিভিন্ন অবৈধ সামগ্রী চোৰাংভাৱে সৰবৰাহ কৰাৰো অভিযোগ উত্থাপন হৈছে।

    Weather Forecast