• বেংক, টেম্প’ৰ পাছত এইবাৰ চিটীবাছ; মহানগৰীত কিশোৰীক যৌন নিৰ্যাতন নিৰাপত্তাৰক্ষীৰ

    আঞ্চলিক
    বেংক, টেম্প’ৰ পাছত এইবাৰ চিটীবাছ; মহানগৰীত কিশোৰীক যৌন নিৰ্যাতন নিৰাপত্তাৰক্ষীৰ

    গুৱাহাটী : ৰাজহুৱা স্থানত নাৰীৰ সুৰক্ষাৰ বিষয়টোত এইবাৰ পুনৰ সৃষ্টি হ’ল প্ৰশ্নবোধকৰ। বেংক, টেম্প’ৰ পাছত এইবাৰ মহানগৰীতে চিটীবাছৰ ভিতৰত যন নিৰ্যাতনৰ বলি হ’ল কিশোৰী। আটাইতকৈ উদ্বেগজনক কথাটো হৈছে যে, এইবাৰ কিশোৰী নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হৈছে স্বয়ং নিৰাপত্তাবাহিনীৰ লোক।





    নিৰাপত্তাৰক্ষীৰ জোৱানে গুৱাহাটীৰ চিটি বাছত নাৰী নিৰ্যাতন কৰাৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ দিন দুপৰতে চিটীবাছৰ ভিতৰত নিৰ্যাতনৰ সন্মুখীন হ'বলগা হ'ল এগৰাকী কিশোৰী৷






    গুৱাহাটীৰ লাখটকীয়াত সংঘটিত হৈছে এই নিৰ্যাতনৰ ঘটনা৷ এগৰাকী কিশোৰীক নিৰ্যাতনৰ অভিযোগ উঠিছে এজন জোৱানৰ বিৰুদ্ধে৷ চলন্ত চিটিবাছৰ চীটত বহি জোৱানজনে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ উঠিছে৷ ভুক্তভোগী কিশোৰীগৰাকীৰ মাতৃয়ে জোৱানজনক ধৰি নি গতাই দিয়ে পাণবজাৰ আৰক্ষী থানাত৷ অভিযুক্ত আৰক্ষী জোৱানজন 4th APTFৰ বাবুল কুমাৰ শীল বুলি জানিব পৰা গৈছে৷