• বেজৰ নাকতেই খৰ! বশিষ্ঠ আৰক্ষীৰ বাসগৃহপৰা উৎখাত নাৰীদেহ ব্যৱসায় চক্ৰ, কেঁকো সাপো

    আঞ্চলিক
    বেজৰ নাকতেই খৰ! বশিষ্ঠ আৰক্ষীৰ বাসগৃহপৰা উৎখাত নাৰীদেহ ব্যৱসায় চক্ৰ,  কেঁকো সাপো

    গুৱাহাটীঃ বেজৰ নাকতেই খৰ! নাৰীদেহ ব্যৱসায়ীৰ ৰূপত স্বয়ং আৰক্ষী বিষয়া। মহানগৰীৰ বশিষ্ঠৰ চিআইডি আবাসগৃহ বৰ্তমান নাৰীদেহৰ ৰমৰমীয়া ঘাটিলৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মহানগৰীৰ বশিষ্ঠত আৰক্ষী বিষয়াৰ ঘৰতেই নাৰীদেহ চক্ৰ উৎঘাটন হোৱা ঘটনাই সকলোৰে চকু কপালত তুলিছে। আমাৰ সাংবাদিকে জনোৱা অনুসৰি, কমলুদ্দিন আহমেদ নামৰ এজন আৰক্ষী বিষয়াৰ বাসৃহত উৎখাত হৈছে নাৰীদেহ চক্ৰ। লগতে বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰা হৈছে এডাল কেঁকো সাপ।





    স্থানীয় লোকৰ অভিযোগ যে, ‘দীর্ঘদিনৰেপৰা বিষয়াগৰাকীৰ ঘৰত চলাই আছে নাৰীদেহৰ ব্যৱসায়!’ মায়ঙৰ পৰা এই ব্যৱসায়ত জড়িত কৰাৰ উদ্দেশ্যে অনা এগৰাকী যুৱতীয়ে পোহৰলৈ আনিছে সমগ্ৰ ঘটনাটো। কামলুদ্দিন আহমেদ নামৰ বিষয়াগৰাকী ‘অসম আৰক্ষী’ৰ এছবি শাখাত কৰ্মৰত বুলি জানিব পৰা গৈছে।





    মহানগৰীৰ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানত কাম দিয়াৰ চলেৰে যুৱতীসমূহক আনি দেহ ব্যৱসায় চলাই গৈছিল ধৃত কামলুদ্দিনে। এই নাৰীদেহ চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে তদন্তৰ পাছতহে প্ৰকাশিত হ’ব।