• বেটছমেন নহয় যেন শ্লিপিং টেবলেট, কাৰ বেটিং চাই টোপনি আহিল বীৰুৰ…

    আঞ্চলিক
    বেটছমেন নহয় যেন শ্লিপিং টেবলেট, কাৰ বেটিং চাই টোপনি আহিল বীৰুৰ…

    নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগে আইপিএলৰ এখন খেলক লৈ হাস্যকৰ মন্তব্য প্ৰকাশ কৰিছে। দেওবাৰে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ছানৰাইজাৰ্ছ হায়দৰাবাদ।পৰাজয়ৰ কালিমা খণ্ডন কৰিব পৰা নাই হায়দৰাবাদে। দলটোৰ ধাৰাবাহিক বিপৰ্যয়ে হতাশ কৰিছে ক্ৰীড়ানুৰাগীক। তেনেতে জ্বলা জুইত যেন ঘিউহে ঢালিলে বীৰেন্দ্ৰ ছেহৱাগে। দলটোৰ মন্থৰ বেটিংক লৈ মুখৰোচক মন্তব্য তাৰকা ক্ৰিকেটাৰগৰাকীৰ।





    আৰু পঢ়িব পাৰিব : ‘নাৰদ’ আখ্যানে জোকাৰিছে আইপিএল! অশ্বিন-মৰ্গানক কোনে দিছিল উচটনি?





    উল্লেখ্য যে, ডুবাইত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত, কেন উইলিয়ামছনৰ দলে ভয়ংকৰ বেটিং পতনৰ মাজেৰে ২০ অ’ভাৰত ৮ উইকেট হেৰুৱাই মাত্ৰ ১১৫ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। অৱশ্য, সহজ লক্ষ্য অতিক্ৰম কৰিবলৈ যাওতে কলকাতা নাইট ৰাইডাৰ্ছেও যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। চলিত আইপিএলত হায়দৰাবাদৰ আন এটা হতাশাজনক প্ৰদৰ্শনীৰ পৰ্যালোচনা কৰি ছেহৱাগে তেওঁৰ শেহতীয়াকৈ 'বীৰুগিৰি ডট কম' নামৰ ভিডিঅ'টোত এক মন্তব্য প্ৰকাশ কৰিছে। প্ৰথম ইনিংছৰ অন্তিম ৪ অ’ভাৰ চাই থাকোতে বীৰুৱে টোপনি গৈছিল বুলি সদৰী কৰিছে। হায়দৰাবাদৰ আৰম্ভণি কৰিছিল ৰয় আৰু সাহাই। কিন্তু দুয়ো একেলগে পেভিলীয়নমুখী হৈছিল। ইয়াৰ পাছত, উইলিয়ামছন আৰু গাৰ্গে ইনিংছটো চম্ভালিবলৈ আহে যদিও ব্যৰ্থ হয়।কিন্তু তেওঁলোকৰ মন্থৰ বেটিঙৰ বাবে টিভিৰ পৰ্দাতো বাৰ্তা আহিছিল - 'বাধাৰ বাবে দুঃখিত।' বীৰুৰ এনে মন্তব্যৰ পাছত স্বাভাৱিকতে ক্ৰীড়ামহলত আলোড়ন তোলা দেখা গৈছে।