• বেদনা ৰাজকন্যাৰ ! নাখাই ঘৰৰ পৰা অনা খাদ্যও

    আঞ্চলিক
    বেদনা ৰাজকন্যাৰ ! নাখাই ঘৰৰ পৰা অনা খাদ্যও

    গুৱাহাটী : আইচিইউ বিচনাৰ পৰা এতিয়া বেঞ্চত শুই-বহি দিন কটাইছে মডেল ৰাজকন্যাই৷ বিলাসী জীৱন কটোৱা ৰাজকন্যাৰ এতিয়া নাজল-নাথল অৱস্থা৷ নিশাটো থানাৰ এখন বেঞ্চতে এটা গাৰু লৈ কটাবলগীয়া হৈছে ৰাজকন্যাই। খোৱা-বোৱা কৰিব নিবিচৰা ৰাজকন্যাক কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে বুলি জানিব পৰা গৈছে।





    দিছপুৰ আৰক্ষীৰ জিম্মাত থকা মডেলগৰাকীয়ে নিশা ORS আৰু কেৱল ৰোলহে খাইছে। পৰিয়ালে আনি দিয়া খাদ্যও খাব নিবিচাৰে বিতৰ্কিত ৰাজকন্যাই। কেৱল ৰেষ্টুৰেণ্টৰ কিছু লঘু খাদ্য খাব বিচাৰে। ইপিনে আজি পুনৰ আদালতত হাজিৰ কৰাব ৰাজকন্যাক৷





    আনহাতে, সুস্থ ৰাজকন্যাক ভৰ্তি কৰাই বিপদত পৰা চিকিত্সকক চমন জাৰি৷ বৃহস্পতিবাৰে দিছপুৰ আৰক্ষীয়ে চমন জাৰি কৰিছিল জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱা৷ আজি থানাত হাজিৰ হ’ব লাগিব ডাঃ নৱনীল বৰুৱা৷ GNRCৰ অধীক্ষকো থানাত হাজিৰ হোৱাৰ নিৰ্দেশ আৰক্ষীৰ৷