• বোমাৰে উৰুওৱাৰ ভাবুকি নিউজিলেণ্ড ক্ৰিকেট দলক, অলৰ-অচৰ টীম কিৱি

    আঞ্চলিক
    বোমাৰে উৰুওৱাৰ ভাবুকি নিউজিলেণ্ড  ক্ৰিকেট দলক, অলৰ-অচৰ টীম কিৱি

    নতুন দিল্লীঃ বিশ্ব ক্ৰিকেটলৈ এক অশনি সংকেত! এইবাৰ আফগানিস্তান নহয় ইংলেণ্ড ভ্রমণৰত নিউজিলেণ্ডৰ মহিলা ক্রিকেট দলটোক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। নিউজিলেণ্ড দলটোলৈ এই ভাবুকি অহাৰ পাছত উদ্বিগ্ন হৈ পৰিছে দলটো। কোনো অনাকাংশিত পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি খেলুৱৈসকলৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে বুলি সদৰী কৰে ইংলেণ্ড এণ্ড ৱেলছ ক্রিকেট ব’র্ডে৷

    আজি লেইচেষ্টাৰত ইংলেণ্ডৰ বিপক্ষে তৃতীয়খন এদিনীয়াৰ প্রাকমুহূর্তত নিউজিলেণ্ডৰ দলটোক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহিছিল। অৱশ্যে, নিউজিলেণ্ড ক্রিকেট ব’র্ডে এই ভাবুকিক কাণ সৰালি দিয়াহে পৰিলক্ষিত হয়। ভাবুকিলৈ কেৰেপ নকৰি ইংলেণ্ডৰে তৃতীয়খন এদিনীয়া খেলত নিৰ্ধাৰিত সময়তে ভাগ লয় নিউজিলেণ্ডে৷ উল্লেখ্য যে, ‌ইয়াৰপূৰ্বে নিৰাপত্তাজনিত কাৰণতে নিউজিলেণ্ডৰ পুৰুষ দলটোৱে পাকিস্তান ভ্রমণ আধাতে সামৰিছিল৷ এখনো খেলত অংশ নোলোৱাকৈ পাকিস্তানৰ পৰা উভতিছিল নিউজিলেণ্ড পুৰুষ দলটোৱে ৷