আন্তঃৰাষ্ট্ৰীয়
মানকাছাৰ : দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ থানা এলেকাৰ কঠালবাৰী গাঁৱত এগৰাকী বোৱাৰীক স্বামী তথা স্বামীৰ পৰিয়ালে হত্যা কৰি ঘৰৰ সকলো সামগ্ৰী লৈ পলায়ন কৰাৰ কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে কঠালবাৰী গাঁৱৰ খালিদা বেগম নামৰ ২১ বছৰীয়া যুৱতী বোৱাৰীগৰাকীৰ মৃতদেহ স্বামীৰ ঘৰত উদ্ধাৰ হয়। স্বামী মেহেবুব আলম আৰু তেওঁৰ পৰিয়াল বোৱাৰীগৰাকীক হত্যা কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে।
আৰু পঢ়িব পাৰিব: সুদীৰ্ঘ ৩৭ বছৰীয়া বিদ্ৰোহ পন্থা ত্যাগ কৰি গৃহমুখী আলফা স্বাধীনৰ মেজৰ জেনেৰেল জীৱন মৰাণ
ইতিমধ্যে ঘটনাস্থলীত মানকাছাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছে। থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰয় জানিবলৈ দিয়া মতে, বোৱাৰীজনীক হত্যা কৰা প্ৰায় নিশ্চিত হৈছে যদিও মৰণোত্তৰ পৰীক্ষাৰ পাছতহে ইয়াৰ প্ৰকৃত ৰহস্য উদ্ধাৰ হ'ব। ইপিনে প্ৰায় ৬/৭ মাহ পূৰ্বে যুৱতীগৰাকীক একেখন গাঁৱৰ মেহেবুব আলম নামৰ যুৱক জনে অপহৰণ কৰি বলপূৰ্বক ভাবে যুৱতীগৰাকীক বিবাহ কৰাইছিল।
আৰু পঢ়িব পাৰিব: মহানুভৱতা!জন্মদিনটোত প্লাজমা দানৰ অঙ্গীকাৰ শচীনৰ…
বিবাহৰ পাছত প্ৰায় তিনি মাহ পলায়ন কৰি থকাৰ পাছত কিছুদিন পূৰ্বে নিজ ঘৰত উপস্থিত হৈ সংসাৰ কৰি আছিল। কিন্তু স্বামী আৰু স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ লগতে নিশা এইদৰে হত্যা কৰি স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ সকলো সদস্য পলায়ন কৰিছে। ঘটনাস্থলীত চাৰিটাকৈ মৃত হাঁহও উদ্ধাৰ হৈছে। বোৱাৰীজনীক কেনেকৈ হত্যা কৰা হৈছে সেয়া এতিয়ালৈ উদ্ধাৰ হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পাছত প্ৰকৃত ৰহস্য উদ্ধাৰ হোৱাৰ সম্ভৱনা আছে।
Leave A Comment