National
Following his disqualification from the Lok Sabha, Congress leader Rahul Gandhi has been served with a notice to leave the government-allotted bungalow...
Digital Desk: Following his disqualification from the Lok Sabha, Congress leader
হাজোঃ অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰশাসনে চোকা নজৰ ৰখাৰ সময়তে সংঘটিত হৈছে আন এক ৰহস্যময় ঘটনা! হাজোৰ এগৰাকী বোৱাৰীক আমিনগাঁৱৰ গৌৰীপুৰত ভাড়াঘৰত ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। মৃত্যু হোৱা বোৱাৰীগৰাকীৰ নাম ঋতু দাস বুলি আমাৰ সাংবাদিকে জনাইছে। মহিলাগৰাকীৰ ঘৰ হাজো থানাৰ অন্তৰ্গত জাপিয়া গাঁৱত।
উল্লেখ্য যে, ঋতু দাস নামৰ বোৱাৰীগৰাকী গৌৰীপুৰৰ এটি কোম্পানীত কৰ্মৰত আছিল। গৌৰীপুৰতে ভাড়াঘৰ লৈ বসবাস কৰিছিল তেওঁ। নাটকীয়ভাৱে নিশা পৰিয়াললৈ ‘মহিলাগৰাকীয়ে আত্মহত্যা কৰিছে’- বুলি খবৰ আহেপৰিয়াললৈ! তাৰ পাছত হুৱা-দুৱা লাগে ঋতুৰ পৰিয়ালত। আনহাতে, ঋতুক ডিঙি চেপি হত্যা কৰা বুলি দাবী উত্থাপন কৰিছে পৰিয়ালে।
ঘটনাৰ সৈতে ভাড়াঘৰৰ মালিকৰ সৰু ভাতৃ আৰু সম্বন্ধীয় ভাতৃ এজন জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে। উক্ত ঘটনা সন্দৰ্ভত গৌৰীপুৰ থানাত পৰিয়ালে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে ঋতুৰ পৰিয়ালক দুৰ্ব্যৱহাৰ কৰাৰহে অভিযোগ উত্থাপন হৈছে।
Leave A Comment