• ব্যৰ্থ স্বপ্ন! বিচাৰকৰ সিদ্ধান্তত হতাশ মেৰীকম

    আঞ্চলিক
    ব্যৰ্থ স্বপ্ন! বিচাৰকৰ সিদ্ধান্তত হতাশ মেৰীকম

    ট’কিঅ’ : ৬বাৰৰ বিশ্ব চেম্পিয়ন মেৰীকমে কলম্বিয়াৰ ইনগ্ৰীট ভেলেন্সিয়াৰ বিৰুদ্ধে ৫১ কিঃগ্ৰাঃ ফ্লাইৱেট প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আটাইতকৈ কম ব্যৱধানত পৰাভূত হয়। ৩-২ৰ ব্যৱধানত পৰাস্ত হৈছিল মেৰীকম। শেহতীয়াকৈ বিচাৰকৰ ভুল সিদ্ধান্তৰ বাবে ভাৰতীয় বক্সাৰগৰাকীয়ে পৰাজয়ৰ সন্মুখীন হোৱা বুলি প্ৰকাশ পোৱাৰ পাছত মেৰীকমে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে। ২০১২ চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভৰ পাছত দ্বিতীয়টো অলিম্পিক পদক লাভৰ বাবে ৩৮ বছৰীয়া অভিজ্ঞ বক্সাৰগৰাকীয়ে চেষ্টাৰ ক্ৰুটি ৰখা নাছিল। বৃহস্পতিবাৰে আইঅ’চি বক্সিং টাস্ক ফ’ৰ্চক তেওঁলোকৰ ভুল সিদ্ধান্তৰ বাবে সমালোচনা কৰিছিল মেৰীকমে।






    প্ৰি-কোৱাৰ্টাৰত পৰাভূত হোৱাৰ পাছত সংবাদ সংস্থা পিটিআই-ৰ আগত ভাৰতীয় তাৰকাগৰাকীয়ে সদৰী কৰিছিল যে, ‘মই এই সিদ্ধান্তটো নাজানো আৰু বুজিও নাপাওঁ, টাস্ক ফ’ৰ্চৰ কি সমস্যা আছে? আইঅ’চি-ৰ সমস্যা কোনখিনিত? মই টাস্ক ফ’ৰ্চৰ সদস্যও আছিলোঁ। আনকি মই তেওঁলোকক পৰামৰ্শ দিয়াৰ লগতে এখন সুস্থ প্ৰতিযোগিতা আয়োজনৰ বাবে তেওঁলোকক সমৰ্থন কৰিছিলো। কিন্তু তেওঁলোকে মোৰ ক্ষেত্ৰত কি কৰিলে?’
    উল্লেখ্য যে, মেৰীকমে আৰম্ভণি ৰাউণ্ডত ৪-১ৰ ব্যৱধানত পিছ পৰিছিল আৰু ৫গৰাকী বিচাৰকৰ ভিতৰত ৪গৰাকীয়ে ভেলেন্সিয়াৰ পক্ষত ১০-৯ ত স্ক’ৰ কৰিছিল। পৰৱৰ্তী ২টা ৰাউণ্ডত, ৫গৰাকী বিচাৰকৰ ভিতৰত ৩গৰাকী মেৰীকমৰ পক্ষত আছিল কিন্তু সামগ্ৰিক স্ক’ৰ-লাইন তেতিয়াও কলম্বিয়াৰ পক্ষতে আছিল। অলিম্পিকৰ মঞ্চত বিচাৰকৰ এনে সিদ্ধান্তৰ কোনো পৰ্যালোচনা বা প্ৰতিবাদ নোহোৱা কথাটোৱে আঘাত দিছে মেৰীকমক। তেওঁ কয়, ‘ মই নিশ্চিত, খেলত কি ঘটিছিল, সেয়া পৃথিৱীয়ে নিশ্চয় দেখিছে। মই সৰ্বসন্মতিক্ৰমে দ্বিতীয় ৰাউণ্ডত জয়ী হোৱাতো উচিত আছিল। কিন্তু যি ঘটিছিল সেয়া অপ্ৰত্যাশিত।’