• ব্যৱসায়ীক আক্ৰমণ, গুণ্ডাকৰ সংগ্ৰহৰ অভিযোগ ড্ৰাগছ আসক্তৰ বিৰুদ্ধে

    আঞ্চলিক
    ব্যৱসায়ীক আক্ৰমণ, গুণ্ডাকৰ সংগ্ৰহৰ অভিযোগ ড্ৰাগছ আসক্তৰ বিৰুদ্ধে

    গুৱাহাটীঃ ড্ৰাগছৰ বাবে পুনৰ মহানগৰীত নৃশংস ঘটনা সংঘটিত হৈছে। নিশা গীতানগৰত দাৰে ঘপিয়ালে মোজাহিদ আলী নামৰ এজন ব্যৱসায়ীক। ড্ৰাগছ আসক্ত এটা যুৱকৰ দলে গুণ্ডাকৰ সংগ্ৰহ কৰিবলৈ আহিছিল মোজাহিদৰ ব্যৱসায়িক প্ৰতিষ্ঠানত। বিচৰা ধৰণে ধন নিদিয়াৰ বাবে আক্ৰমণ কৰে যুৱকৰ দলটোৱে। জিংকুমণি শৰ্মা, জিতুমণি শৰ্মা আৰু অংকুৰ শৰ্মা নামৰ তিনি ভাতৃয়ে মিলি আক্ৰমণ কৰিছিল মোজাহিদক। ডিঙি, বুকু, পিঠিত কৰা আক্ৰমণত ৪৪টাকৈ চিলাই পৰে মোজাহিদৰ দেহত। সম্প্ৰতি ‘কেজিএমটি হাস্পতাল’ত চিকিৎসাধীন হৈ আছে মোজাহিদ নামৰ ব্যৱসায়ীজনক। ঘটনা সন্দৰ্ভত গীতানগৰ থানাত ৰুজু কৰা হৈছে গোচৰ।