• ব্লেক ফাংগাছত মৃত্যু লখিমপুৰৰ এজন ব্যক্তি !

    আঞ্চলিক
    ব্লেক ফাংগাছত মৃত্যু লখিমপুৰৰ এজন ব্যক্তি !

    ডিব্ৰুগড় : ব্লেক ফাংগাছত আক্ৰান্ত হৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লখিমপুৰৰ ৪৭ বছৰীয়া ব্যক্তিজনৰ মৃত্যু হয়। ১৫ জুনত প'ষ্ট ক'ভিডত আক্ৰান্ত হৈ ভৰ্তি হৈছিল AMCH ত।





    মধুমেহ ৰোগতো আক্ৰান্ত লোকজনৰ এটা চকু ৰঙা পৰিছিল আৰু পৰীক্ষাৰ পাছতে লোকজনৰ ব্লেক ফাংগাছ বুলি ধৰা পৰিছিল। বুধবাৰে আবেলি লোকজনে মৃত্যুক আঁকোৱালি লোৱা বুলি আনুষ্ঠানিকভাৱে সদৰী কৰিছে AMCH কৰ্তৃপক্ষই।





    বিগত ১৫টা দিনত চিকিৎসকসকলে লোকজনৰ প্ৰাণৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টাৰ পাছতো ব্যৰ্থ হয়। ইএনটি চিকিৎসকৰ এটা বিশেষজ্ঞৰ দলে সফলতাৰে চকুৰ ৬ঘণ্টা দীঘলীয়া অস্ত্ৰোপচাৰো কৰিছিল বুলি জানিব পৰা গৈছে৷