• ব্ৰইলাৰ ফাৰ্মৰ নামতো কেলেংকাৰী, হিতাধিকাৰীৰ ক্ষোভ

    আঞ্চলিক
    ব্ৰইলাৰ ফাৰ্মৰ নামতো কেলেংকাৰী, হিতাধিকাৰীৰ ক্ষোভ

    লখিমপুৰ : ২০১৯ বিত্তীয় বৰ্ষৰ আই পি পি পি আচঁনিত ব্ৰইলাৰ ফাৰ্মৰ নামত সংঘটিত হৈছে কেলেংকাৰী। আঁচনিখন মতে পাবলগীয়া সা-সামগ্ৰীৰ কিঞ্চিতহে লাভ কৰিলে হিতাধিকাৰীয়ে।হিতাধিকাৰীয়ে নাজানে আঁচনিখনত আছে কি? নাজানে আঁচনিৰ নাম। নাজানে কিমান টকাৰ আঁচনি। উল্লেখ্য যে, ২০১৯ /২০ বিত্তীয় বৰ্ষত আই পি পি পি আচঁনিৰ জৰিয়তে একোখন ব্ৰইলাৰ ফাৰ্মৰ আঁচনি প্ৰস্তুত কৰিছিল পশু চিকিৎসা বিভাগে।





    আৰু পঢ়িব পাৰিব :‘নোখোৱাকৈ কাম কৰিব নোৱাৰোঁ, আমাক খৰি দিয়ক, ৰেচন দিয়ক’





    আঁচনিখনে সামৰি লৈছিল এছ চি, এছ টি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰীসকলক। সেই মতে গোৱালপাৰা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ তত্বাৱধানত হিতাধিকাৰী বাচনি কৰি তালিকা প্ৰস্তুত কৰিছিল। লক্ষীপুৰ পশু চিকিৎসা বিভাগৰ অধীনৰ ১৭গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছিল এই আঁচনিৰ সুবিধা। আঁচনিখনৰ নামত পালে গৃহ নিৰ্মাণৰ ২৭ হাজাৰ টকা, ১৫০ টা ব্ৰইলাৰ পোৱালি। একোখন ব্ৰইলাৰ ফাৰ্মৰ নামত আবণ্টিত ধন ধাৰ্য কৰা হৈছিল ১ লাখ, ২১হাজাৰ, ৩৫০ টকা।





    আৰু পঢ়িব পাৰিব :বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি : আজি দিল্লীত চূড়ান্ত সিদ্ধান্ত!





    ইয়াৰে গৃহ নিৰ্মাণত ২৭ হাজাৰ টকা, বাকীখিনি ধন পোৱালিৰ আহাৰ, ঔষধকে ধৰি বিভিন্ন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে ধাৰ্য কৰিছিল। কিন্তু নিয়ম অনুসৰি পাবলগীয়া ২০০ পোৱালিৰ পৰিৱৰ্তে হিতাধিকাৰীক ৫০টা কমকৈ দিয়া বুলি জানিব পৰা গৈছে। অৰ্থাৎ ২০০ৰ ঠাইত ১৫০টা পোৱালি, কিঞ্চিত পৰিমানৰ ঔষধ দি সামৰিলে আঁচনিখনৰ কাম। প্ৰথম কিস্তি দি আজিলৈ নিদিলে বাকীখিনি প্ৰাপ্য সামগ্ৰী আৰু ধনো। কাজেই খৰ্গহস্ত হৈ পৰিছে হিতাধিকাৰীসকল।