Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ঢকুৱাখনা : ঢকুৱাখনাত ভয়ংকৰ নাও দুৰ্ঘটনা৷ বুধবাৰে সন্ধিয়া সংঘটিত হোৱা এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়৷ ঢকুৱাখনা থানাৰ অন্তৰ্গত মাতমৰাত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এই নাও দুৰ্ঘটনা৷ এখন হাত নাও ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় দুজন যুৱকৰ৷
মৃত যুৱক দুজন ক্ৰমে পংকজ দলে আৰু ৰামদেৱ দলে৷ দুৰ্ঘটনাটো সংঘটিত হোৱা সময়ত নাওখনত মুঠ ৬জন যুৱক আছিল৷ ইয়াৰে চাৰিজন যুৱকে সাঁতুৰি জীৱন বচাবলৈ সক্ষম হয়৷ উল্লেখ্য যে, যুৱককেইজনে নাও লৈ ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত বালিভোজ খাই আহোঁতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জনাইছে৷
Leave A Comment