• ব্ৰহ্মপুত্ৰত ভয়ংকৰ নাও দুৰ্ঘটনা : বহু যাত্ৰীৰ মৃত্যুৰ আশংকা

    আঞ্চলিক

    মাজুলী : নিমাতীৰ পৰা মাজুলীমুখী নাও দুৰ্ঘটনাগ্ৰস্ত৷ ভৰা ব্ৰহ্মপুত্ৰত জাহাজৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত বহু যাত্ৰীৰ মৃত্যুৰ আশংকা কৰিছে৷ কমলাবাৰীমুখে গৈছিল যাত্ৰীভৰ্তি নাওখন৷

    লুইতৰ বুকুত টিপকাই নামৰ জাহাজৰ সৈতে সংঘৰ্ষত এই দুৰ্ঘটনা সংঘটিত হয়৷ ঘাটলৈ চপোৱা চৰকাৰী জাহাজক ঠাই দিবলৈ গৈ দুৰ্ঘটনা৷ ৪ বজাত নিমাতীঘাটৰ পৰা কমলাবাৰীলৈ যোৱা নাও দুৰ্ঘটনা৷ NDRF-SDRFএ চলাইছে যুদ্ধংদেহী উদ্ধাৰ অভিযান অব্যাহত আছে৷

    ইতিমধ্যে নিমাতীলৈ ৰাওনা হৈছে নদীত সন্ধানহীন লোকৰ পৰিয়ালৰ সদস্য৷ প্ৰায় ৪০ যাত্ৰীক উদ্ধাৰ বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে৷

    Weather Forecast