• বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

    আঞ্চলিক
    বৰপেটাতো কৰ’নাৰ বিভীষিকা! মৃত্যু এজনৰ

    বৰপেটাঃ বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু এজন ব্যক্তিৰ। মৃত লোকজন কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ কাঞ্চৰণ ব্ৰহ্ম বুলি জানিব পৰা গৈছে। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পাছত ৬২বছৰীয়া কাঞ্চৰণ ব্ৰহ্মক কালি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল।





    আৰু পঢ়িব পাৰিব: আইচিইউ জুই, ১৩জনকৈ চিকিৎসাধীন কৰ’না ৰোগীৰ মৃত্যু





    পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অৱনতি ঘটাত ক'ভিড আক্ৰান্ত লোকজনক আই চি ইউত ৰখা হৈছিল। অৱশেষত আজি পুৱা ক'ভিড আক্ৰান্ত লোকগৰাকীৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে।