ৰাষ্ট্ৰীয়
বৰপেটা : বৰপেটাৰোড চহৰত দিন দুপৰতে চুৰিৰ ঘটনা সংঘটিত হয়৷ আৰক্ষীয়ে নিশা আটক কৰিলে দুই চোৰক৷ চোৰ দুজনৰ জিম্মাৰপৰা উদ্ধাৰ চুৰি হোৱা নগদ ধনসহ সোণৰ অলংকাৰ৷ উল্লেখ্য যে, সোমবাৰে দূপৰীয়া বৰপেটাৰোড চহৰৰ ৰায় পাৰাৰ টুটন সৰকাৰৰ ঘৰত দিন দুপৰতে চোৰ সোমাই লুটিছিল ধন-সোণ৷
আৰু পঢ়িব পাৰিব : ক’ভিডভীতিৰ মাজতে ৰাজ্যবাসীয়ে পালন কৰিছে গৰু বিহু
শিক্ষয়িত্ৰী টুটন সৰকাৰ বিদ্যালয়লৈ যোৱাৰ সুযোগ লৈ দুই চোৰে চলাইছিল চাফাই অভিযান৷ অৱশেষত আৰক্ষীক দাখিল কৰা এজাহাৰৰ ভিত্তিত অভিযান চলাই ১২ ঘণ্টাৰ ভিতৰতে চুৰিৰ ঘটনাত জড়িত দুই গভাইট চোৰক আটক কৰে বৰপেটা ৰোড আৰক্ষীয়ে৷ ধৃত দুই চোৰ বাহবাৰীৰ ৰাকেশ আৰ্য্য আৰু পাট বজাৰৰ বিশাল বাছফোৰ৷
আৰু পঢ়িব পাৰিব : মৈৰাবাৰীত ৰহস্যজনক মৃত্যু বোৱাৰীৰঃ আটক এজন
দুই চোৰৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে চুৰি হোৱা সোণৰ চেইন এডাল, দুটা আঙুঠি, ৪টা মোবাইল ফোনৰ লগতে নগদ প্ৰায় ২০ হাজাৰ টকা উদ্ধাৰ কৰে৷
Leave A Comment