• বৰমাৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ মৃত্যু, বৰমালৈ আছিল বিশেষ অৱদান

    আঞ্চলিক

    গুৱাহাটী : বৰমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক পানীৰাম ৰাভাৰ আজি মৃত্যু হয়৷ বহুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল তেওঁ ৷ গুৱাহাটীৰ হায়াত হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷ ৬৮বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷

    ১৯৯১চনত নতুন অসম গণ পৰিষদৰ পৰা প্ৰথমবাৰ ৬২নং বৰমা বিধানসভা সমষ্টিৰ পৰা বিধায়ক হোৱা ৰাভাই ২০০১চনত কংগ্ৰেছৰ পৰা দ্বিতীয়বাৰলৈ সমষ্টিটোৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল৷

    ইয়াৰ উপৰি তেওঁ বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰথম সভাপতি আছিল ৷ আধুনিক বৰমা নিৰ্মাণত অৰিহনা যোগোৱা প্ৰাক্তন বিধায়ক প্ৰয়াত পানীৰাম ৰাভাৰ মৃত্যুত বৰমাৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ ,দুই কন্যা এৰি থৈ যায়৷

    Weather Forecast