National
শিৱসাগৰঃ আজিৰেপৰা ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হৈছে ঐতিহাসিক শিৱদৌলৰ দ্বাৰ। ক’ভিডকালীন পৰিৱেশৰ বাবে বিগত ১৬মে’ৰ পৰা তিনিমাহৰ বাবে বন্ধ আছিল শিৱদৌলৰ দুৱাৰ। ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ নিৰ্দেশত বন্ধ আছিল শিৱদৌলৰ দ্বাৰ।
বৰ্তমানো সংক্ৰমণ শূন্য নোহোৱাত দৰ্শনাৰ্থীৰ বাবে নীতি-নিয়ম বান্ধি দিছে দৌল উন্নয়ন সমিতিয়ে। দুয়োটা ভেকচিন লোৱা দৰ্শনাৰ্থীহে প্ৰৱেশ কৰিব পাৰিব শিৱদৌলত। দুটা পৰ্যায়ত হ’ব দৰ্শনাৰ্থীৰ পূজা-অৰ্চনা। পুৱা ৭ বজাৰ পৰা ১১ বজালৈ আৰু বিয়লি ১-৩০ বজাৰ পৰা ৪ বজালৈ দৰ্শনাৰ্থীৰ বাবে খোলা থাকিব শিৱদৌলৰ দুৱাৰ।
ক’ভিড বিধি মানি ১০জনকৈ ভক্তইহে প্ৰৱেশ কৰিব পাৰিব শিৱদৌলত।
Leave A Comment