• ভদীয়া বানৰ বিপৰ্যয়ত ৰাজ্য : ৩০,৩৩৩.৩৬ হেক্টৰ কৃষিভূমি জলমগ্ন

    আঞ্চলিক
    ভদীয়া বানৰ বিপৰ্যয়ত ৰাজ্য :  ৩০,৩৩৩.৩৬ হেক্টৰ কৃষিভূমি জলমগ্ন

    গুৱাহাটী : ভদীয়া বানৰ বিপৰ্যয়ত ৰাজ্যৰ কেইবাখনো জিলা৷ বানে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজ্যত৷ তথাপি বন্যাতৰ খবৰ ল’বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ৷ ইতিমধ্যেই প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যৰ ১৭ জিলাত ৯৫০খন গাঁও বানৰ কবলত পৰিছে৷





    বানত আক্ৰান্ত হৈছে ৰাজ্যৰ ৩.৬৩ লাখ লোক৷ ৪৪টা আশ্ৰয় শিবিৰত শিশুসহ ১,৬১৯গৰাকী লোকে বাস কৰিছে৷ লগতে বানত ক্ষতিগ্ৰস্ত ৩০,৩৩৩.৩৬ হেক্টৰ কৃষিভূমি৷ ইপিনে বানত বুৰ গৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানত ১২৫টা বনশিবিৰ ৷





    আনহাতে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ ৫০ শতাংশ বনাঞ্চল বানৰ কবলত৷ বন্যপ্ৰাণীৰ নিৰাপদ স্থানত আশ্ৰয়ৰ বাবে নাই হাইলেণ্ড৷ বানত ককবকাইছে উদ্যনখনৰ বন্যপ্ৰাণীসমুহ৷ পবিতৰা অভয়াৰণ্যও বুৰ গৈছে বানত৷ ইপিনে গুৱাহাটীত বিপদ সীমাৰ ওপৰত ব্ৰহ্মপুত্ৰৰ জলপিষ্ঠ৷ তথাপি চকুমুদা কুলিও ভাও জুৰি আছে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে৷