• ভাই ককাই মিলি নামিল চুৰিকাৰ্যত!

    আঞ্চলিক
    ভাই ককাই মিলি নামিল চুৰিকাৰ্যত!

    গুৱাহাটী : ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ মাজতে গুৱাহাটীত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। মহানগৰীৰ ২ নং মঠঘৰীয়াৰ শংকৰ নগৰৰ বাসিন্দা নয়নজ্যোতি নাথৰ ঘৰত শুকুৰবাৰে সংঘটিত হয় চুৰিকাণ্ড। চোৰে লোকজনৰ ঘৰৰ পৰা লুটি নিয়ে লেপটপ, মোবাইলসহ নগদ ধন। এই ঘটনাত জড়িত তিনিজনক আটক কৰে আৰক্ষীয়ে৷ ধৃত দুই চোৰ সঞ্জীৱ দাস আৰু প্ৰণৱ দাস সম্পৰ্কত ভাই ককাই বুলি জানিব পৰা গৈছে।

    ইপিনে চোৰটোৱে চুৰি কৰা এটা মোবাইল বিক্রী কৰিছিল মঠঘৰীয়াৰ এখন দোকানত। মোবাইল ফোন ক্ৰয় কৰিবলৈ শুকুৰবাৰে নয়নজ্যোতি নাথ নামৰ লোকজনে সেই দোকানখনতে গৈ এটা নতুন মোবাইল ক্ৰয় কৰাৰ সময়তে দোকানত দেখা পাই লোকজনৰ চুৰি হোৱা মোবাইলটো। তেওঁৰ নথি-পত্ৰ IMEI নম্বৰৰ মিলাই তেওঁৰ মোবাইল বুলি চিনাক্ত কৰে।

    ইয়াৰ পাছতে লগে লগে লোকজনে নুনমাটি আৰক্ষীক খবৰ দিয়ে। ইফালে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে ৰাইজে দোকানীসহ এই চুৰিকাণ্ডৰ সৈতে জড়িত তিনি চোৰক কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে। অৱশ্যে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় প্ৰণৱ দাস নামৰ চোৰটো। ইপিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সঞ্জীৱ দাস আৰু দোকানী দীপন বৈশ্যক আজি কাৰাগাৰলৈ প্ৰেৰণ কৰে।