Breaking News
গুৱাহাটী : ৰাজ্যত শেহতীয়াকৈ ক’ভিড পৰিস্থিতি যথেষ্ট উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজি নতুন এছঅ’পি জাৰি কৰিছে। এই নতুন এছঅ’পি কাইলৈ অৰ্থাৎ ১০ আগষ্ট পুৱা ৫.০০ বজাৰ পৰা প্ৰযোয্য হ’ব। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বঙাইগাঁও জিলা চিকিৎসালয়ত আজি আয়োজিত এখন সংবাদ মেলত এই নতুন এছঅ’পি ঘোষণা কৰে।
এই নতুন এছঅ’পি অনুসৰি ৰাজ্যত দিনৰ ভাগত সান্ধ্য আইন শিথিল কৰা হৈছে। নিশাৰ ভাগতহে আংশিক সান্ধ্য বাহাল থাকিব। সন্ধিয়া ৬.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন বলৱৎ থাকিব সকলো জিলাত। সকলো জিলাতে সন্ধিয়া ৫.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব'ৰূম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান। আন্তঃজিলা যাত্ৰী পৰিবাহী যাতায়াতৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা বাহাল থাকিব।
আন্তঃজিলা যাত্ৰী পৰিবাহী বাছ তথা আন বাহনক মুঠ আসনৰ ৫০ শতাংশ আসনতহে সামাজিক দূৰত্ব, মাস্ক আদি ক'ভিড বিধি মানি চলাচলৰ অনুমতি প্ৰদান কৰিছে৷ বিবাহ, অন্তিম সৎকাৰ আদিৰ ক্ষেত্ৰত সৰ্বাধিক দহ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি দিয়াৰ লগতে ৰাজহুৱা স্থানত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰা হৈছে৷
Leave A Comment