National
Even after 35 years, he is still living in the hearts of millions of Indians through his songs, making him an evergreen talented superstar of Bollywood...
গুৱাহাটী : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত জিলা পৰিবহণ বিষয়াসকলৰ সৈতে আজি এক পৰ্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত ৰাজ্যৰ আটাইকেখন জিলাৰ জিলা পৰিবহণ বিষয়াসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে এই সভাতে মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে অনলাইন চালকৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰাপ্তিৰ সুবিধাৰ লগতে ভেহিকেল ফিটনেছ এপ।
২০২২ৰ ১০মে'ৰ ভিতৰত পৰিবহণ বিভাগৰ ১৮ টা সেৱা অনলাইনযোগে ৰাইজক প্ৰদান কৰাৰ এক পৰিকল্পনা যুগুত কৰা হৈছে, তাৰ অংশ হিচাপে আজি শিকাৰু অনুজ্ঞাপত্ৰ আৰু ফিটনেছৰ কাম অলনলাইনযোগে কৰাৰ ব্যৱস্থা মুকলি কৰা হয়। ইপিনে ক'ভিডৰ সংখ্যা কমি থাকিলে অহা ১৫ দিনত চিনেমা হল সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।
বাছৰ ভাড়া বৃদ্ধিৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিবাদ তথা বৈঠক অনুষ্ঠিত হৈছিল যদিও ভাড়া বৃদ্ধি নহয় বুলি পৰিবহণ মন্ত্ৰী জানিবলৈ দিছে। ভাড়া বৃদ্ধিৰ কথা পাছত চিন্তা কৰা হ'ব। লগতে কোনোৱে যদি বেছি ভাড়া লৈছে সেয়া এনফৰ্চমেণ্ট বিভাগে নিৰীক্ষণ কৰিব৷
ৰঙিয়াত স্থাপন কৰিব লগীয়া collection & dismantling centre for end of life vehicles ৰ mou চহী কৰা হয় এই অনুষ্ঠানত। অসম চৰকাৰৰ পৰিবহণ বিভাগ আৰু m/s K.D. IRON & STEEL CO. ৰ মাজত স্বাক্ষৰিত হয় এই চুক্তি। ৭৫কোটি ব্যয় সাপেক্ষে আৰম্ভ হ'বলগীয়া এই প্ৰকল্পৰ জৰিয়তে পুৰণি ব্যৱহাৰ অযোগ্য ম্যাদ উকলা গাড়ীসমূহ সংগ্ৰহ আৰু নিৰাকৰণ কৰা হ'ব। এই প্ৰকল্পত ৫০জনৰ প্ৰত্যক্ষ আৰু প্ৰায় ৫০০পৰোক্ষ নিয়োগৰ ব্যৱস্থা হ'ব।
Leave A Comment