• ভাৰতলৈ তৃতীয়টো স্বৰ্ণ : পেৰা অলিম্পিয়ানৰ সাফল্যই উজলাইছে দেশ

    আঞ্চলিক
    ভাৰতলৈ তৃতীয়টো স্বৰ্ণ : পেৰা অলিম্পিয়ানৰ সাফল্যই উজলাইছে দেশ

    নতুন দিল্লী : পেৰাঅলিম্পিকত অব্যাহত আছে ভাৰতৰ সাফল্যৰ ধাৰাবাহিকতা। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ভাৰতীয় পেৰা অলিম্পিয়ানে এইবাৰ ৰচনা কৰিছে সাফল্যৰ নতুন ইতিহাস। শনিবাৰে পুৰুষৰ মিক্সড পিষ্টল শ্বুটিঙত সোণ-ৰূপৰ দুটা পদক জয় কৰিলে ভাৰতীয় দুই তাৰকাই। ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ পদক জয়েৰে গৌৰৱ কঢ়িয়াই আনিছে আন এজন পেৰা অলিম্পিয়ানে। শ্বুটিঙত স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছে পেৰা অলিম্পিয়ান মনীষ নাৰৱালে। ভাৰতৰ হৈ তৃতীয়টো স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয় নাৰৱালে।





    তেওঁৰ লগতে আন এজন শ্বুটাৰ সিংঘৰাজ আধানায়ো জয় কৰিছে ৰূপৰ পদক। শনিবাৰে আছাকা শ্বুটিং ৰেঞ্জত এই সাফল্য অৰ্জন কৰে ভাৰতৰ প্ৰতিনিধি দুগৰাকীয়ে। ১৯ বছৰীয়া মনীষে ২১৮.২ পইণ্ট অৰ্জনেৰে পেৰা অলিম্পিকৰ নতুন ৰেকৰ্ডো সৃষ্টি কৰিবলৈ সক্ষম হয়। আনহাতে ২১৬.৭ পইণ্ট অৰ্জনেৰে ৰূপৰ পদক জয় কৰা সিংঘৰাজে ট’কিঅ’ পেৰা অলিম্পিকত তেওঁৰ ব্যক্তিগত দ্বিতীয়টো পদক জয় কৰে।





    এইবাৰ এতিয়ালৈ পেৰা অলিম্পিকত ভাৰতৰ মুছ পদকৰ সংখ্যা হৈছেগৈ ১৫টা। ইফালে, বেডমিণ্টচনৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে ৰূপৰ পদক নিশ্চিত কৰিলে প্ৰমোদ ভগতে। ইফালে, শ্বুটিঙত ৰাছিয়াৰ পেৰা অলিম্পিক কমিটিৰ প্ৰতিনিধি ছাৰ্গে মালাছেৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ৫০ মিটাৰ মিক্সড পিষ্টল শ্বুটিঙত এই সাফল্য অৰ্জনেৰে দুয়োগৰাকী তাৰকাই ট’কিঅ’ পেৰাঅলিম্পিকত ভাৰতৰ সাফল্যৰ পৰিসৰ অধিক বৃদ্ধি কৰিবলৈ সক্ষম হ’ল।