• ভাৰতীয় অলিম্পিয়ানক ৰাজকীয় আদৰণি ৰাজধানীত

    আঞ্চলিক
    ভাৰতীয় অলিম্পিয়ানক ৰাজকীয় আদৰণি ৰাজধানীত

    নতুন দিল্লীঃ নিজম পৰিল ট’কিঅ’ৰ প্ৰতিধ্বনি। বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়াসমাৰোহৰ বিদায় বেলাত ঘৰমুৱা ভাৰতীয় এথলীট। সদ্যসমাপ্ত অলিম্পিকত চমকপ্ৰদ প্ৰদৰ্শনেৰে ন-ন ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ভাৰতে। নীৰজ চোপ্ৰা, বজৰং পুনিয়াসহ আন এথলীটসকলে দেশৰ ৰাজধানীত অৱতৰণ কৰাৰ লগে লগে বিপুল আদৰণি জনোৱা হয়। দেশৰ বাবে সৰ্বোচ্চ উজাৰি বিশ্ব দৰবাৰত ভাৰতক প্ৰতিনিধিত্ব কৰা এইসকল এথলীটক আদৰিবলৈ পাই স্বাভাৱিকত উত্ফুমল্লিত ৰাজধানী দিল্লীৰ লগতে সমগ্ৰ দেশবাসী। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে গৌৰৱোজ্জ্বল মুহূৰ্তৰ চানেকি দাঙি ধৰা ভাৰতৰ অলিম্পিক দলটোক অভিনন্দন জ্ঞাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে। উক্ত অনুষ্ঠানটোত ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ, প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু, নিশীথ প্ৰামাণিকসহ কেইবাগৰাকীও জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে।


    দেশৰ মাটিত বিমান অৱতৰণৰ পাছতে আৱেগিক হৈ পৰিছিল ভাৰত তনয় নীৰজ চোপ্ৰা। নীৰজৰ সৈতে একেখন বিমানতে আহিছিল ব্ৰঞ্জৰ পদকজয়ী মল্লযোদ্ধা বজৰং পুনিৰয়া, বিনেশ ফোগ’ট, অদিতিসহ একাধিক অলিম্পিয়ান। পদকজয়ী এইসকল ক্ৰীড়াবিদক এবাৰ ওচৰৰ পৰা চাবলৈ বৃহৎ জনসমাগম হৈছিল। সন্ধিয়া নতুন দিল্লীৰ ‘অশোকা হোটেল’ত ৰাজকীয় সম্বৰ্ধনা জ্ঞাপন কৰা হয় অলিম্পিয়ানসকলক। নীৰজ চোপ্ৰা, লাভলীনা বৰগোঁহাই, ৰবি কুমাৰ দাহিয়া, বজৰং পুনিয়া, পিভি সিন্ধুক সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুই।