Entertainment
নতুন দিল্লীঃ বিপদত ইংলেণ্ড অভিমুখী ভাৰতীয় ক্ৰিকেট দল। আঙুলিৰ আঘাতৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে সম্পূৰ্ণ শৃংখলাৰ পৰা বাহিৰ ৱাশ্বিংটন সুন্দৰ। ৰিজাৰ্ভ পেছ বলাৰ আৱেশ খানৰ পাছত এইবাৰ সুন্দৰ আঘাতপ্ৰাপ্ত হৈছে। প্ৰতিযোগিতা আৰম্ভণিৰ পূৰ্বে দলৰ পৰা বাহিৰ হোৱা ৱাশ্বিংটন সুন্দৰ তৃতীয়গৰাকী ভাৰতীয় খেলুৱৈ। ইতিপূৰ্বে আঘাতৰ বাবে বাহিৰ হ’ব লগা গৈছে শুভমন গীল। ৮সপ্তাহলৈকে খেলৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ।
জানিব পৰা মতে, ডাৰহামৰ অনুশীলন খেলত অফস্পি্নাৰ ৱাশ্বিংটন সুন্দৰে আঘাত পাইছিল।
৪আগষ্টৰ পৰা আৰম্ভ হ’ব ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা। খেলৰ প্ৰাকমুহূৰ্তত ভাৰতীয় দলৰ এটাৰ পাছত আনটো আঘাতে উদ্বিগ্ন কৰি তুলিছে অধিনায়ক বিৰাট কোহলীক। ৱাশ্বিংটন সুন্দৰৰ পৰৱৰ্তি বিকল্প হিচাপে অক্ষৰ পেটেলে দলত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে, ভাৰতৰ দুগৰাকী স্পিন ব্ৰিগেড ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্বিনৰ দৰে দুগৰাকী অভিজ্ঞ অফস্পিনাৰক লৈ আশাবাদী কোহলী।
Leave A Comment