• ভাৰত-ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল, ক্ষতি ৪০ মিলিয়ন ডলাৰ

    আঞ্চলিক
    ভাৰত-ইংলেণ্ডৰ পঞ্চম টেষ্ট বাতিল, ক্ষতি ৪০ মিলিয়ন ডলাৰ

    নতুন দিল্লীঃ ভাৰতীয় ক্ৰিকেট দলৰ সহকাৰী ফিজিঅ' থেৰাপিষ্ট যোগেশ পৰমা বৃহস্পতিবাৰে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে ভাৰত-ইংলেণ্ডৰ মাজৰ পঞ্চমখন টেষ্ট অনুষ্ঠিত কৰাক লৈ চৰম অনিশ্চয়তাই দেখা দিছিল। ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব'ৰ্ডে ভাৰতীয় ক্ৰিকেট দলক পঞ্চমখন টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’বলৈ যথেষ্ট অনুৰোধ জনাইছিল। কিন্তু ইংলেণ্ডৰ অনুৰোধ প্ৰত্যাখ্যান কৰে ভাৰতে। অৱশেষত ভাৰতীয় দলে খেলখনক লৈ আগ্ৰহ প্ৰকাশ নকৰাত অন্তিম মুহূৰ্তত মানচেষ্টাৰ টেষ্ট বাতিল কৰাৰ সিদ্ধান্ত লয় সংশ্লিষ্ট কৰ্তৃপক্ষই।





    ইফালে মানচেষ্টাৰ টেষ্ট বাতিল হোৱাৰ ফলত ইংলেণ্ডে ৪০ মিলিয়ন ডলাৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। উল্লেখ্য যে, ক্ষতি হোৱা ৪০মিলিয়ন ডলাৰৰ ৩০ মিলিয়ন ডলাৰ সম্প্ৰচাৰৰ পৰা লাভ কৰাৰ লগতে বাকী ১০ মিলিয়ন ডলাৰ টিকট বিক্ৰীৰ পৰা আমদানি হৈছিল বুলি জানিবলৈ পোৱা গৈছে। এই বিষয়টো সন্দৰ্ভত ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে সৌৰভ গাংগুলী। ইংলেণ্ড ক্ৰিকেট ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী টম হেৰিছনে স্কাই স্পৰ্টছ’ক কয়, ‘মই যিমান দূৰ জানো, এইখন টেষ্ট বেলেগে খেলা হ'ব। ভাৰতে আগন্তুক বৰ্ষৰ জুলাই মাহত পুনৰ ইংলেণ্ড ভ্ৰমণলৈ আহিব পাৰে। তেতিয়া হয়তো এই টেষ্ট শৃংখলাখন খেলিব পাৰে। সেই সময়ত মানচেষ্টাৰত শেহতীয়াকৈ বাতিল কৰা টেষ্ট মেচখনো অনুষ্ঠিত হ'ব পাৰে!’