Regional
ওদালগুৰি: আত্মসমৰ্পণ কৰিলে এনএলএফবিৰ মুৰব্বী এম বাথা ওৰফে বিন্দো মুচাহাৰীয়ে৷ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে বাথাই৷ লালপানী থানালৈ নিয়া হৈছে এম বাথাক৷ বাথাৰ সৈতে আন কেইবাজনো কেডাৰে কৰিছে আত্মসমৰ্পণ৷ মন্ত্ৰী আৰু শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ তেওঁৰ৷
উল্লেখ্য যে, এনডিএফবিৰ পৰা আত্মসমৰ্পণ কৰি বিটিআৰ চুক্তি চাক্ষৰ হোৱাৰ পাছতেই পুনৰ জংঘললৈ গৈ এনএলএফবি নামৰ এটা বিদ্ৰোহী সংগঠন গঠন কৰিছিল এম বাথাই৷ প্ৰায় ২ হাজাৰ সদস্যক জংঘলতে প্ৰশিক্ষণ দিছিল বাথাই৷ এনএলএফবিৰ সম্পাদক জৈফৰ্ছে গুৱাহাটীত বাহৰ পাতি চলাই গৈছিল সংগঠনৰ কাম-কাজ৷ পেছাত ৰেপিড' চলাই সদস্যভৰ্তিৰ কামত লাগি আছিল জে ফ'ৰ্চে৷ জে ফ’ৰ্চক ক্ৰাইম ব্ৰাঞ্চে নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰি গটাইছিল ওদালগুৰি আৰক্ষীক৷ বৰোভূমিত বৃদ্ধি পোৱা এনএলএফবিৰ দপদপনিৰ বিৰুদ্ধে ‘নিয়া’ই এটা গোচৰ ৰুজু কৰিছিল৷ শেষত বাথাৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল ‘নিয়া’ই৷
Leave A Comment