Regional
ডিজিটেল ডেস্ক : প্ৰেম কৰাৰ অপৰাধতে এজন যুৱকে ভুগিবলগীয়া হ’ল কৰুণতম শাস্তি। নিজৰ জীৱন দি তেওঁ পৰিশোধ কৰিবলগীয়া হ’ল প্ৰেমৰ দাম। গোৱালপাৰাৰ যুৱক মিৰাজুল ইছলাম ভূঞাৰ জীৱনৰ কৰুণ পৰিণতিয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে। প্ৰেয়সীক লগ কৰিবলৈ গৈ বৰ্বৰ আক্ৰমণৰ বলি হৈছিল যুৱকজন। অতি নিৰ্মমভাৱে তেওঁক হত্যা কৰা হৈছিল প্ৰেমিক যুৱকজনক। প্ৰেয়সীৰ ঘৰৰপৰা উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰা হৈছিল মিৰাজুলক। কিন্তু ইমান ডাঙৰ অপৰাধ কৰিছিল নেকি মিৰাজুলে যে নিজৰ জীৱন দিবলগীয়া পৰিস্থিতি এটাৰ সৃষ্টি হ’ল? ইতিমধ্যে মিৰাজুল হত্যাৰ সমগ্ৰ দৃশ্যপট পোহৰলৈ আহিছে। আমিও প্ৰচাৰ কৰিছোঁ সবিশেষ। কিন্তু এটা প্ৰশ্ন এতিয়াও উত্তৰবিহীন হৈ ৰৈছে যে, ইমান ডাঙৰ অপৰাধ কৰিছিল নেকি মিৰাজুলে যে, তেওঁক হত্যা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল? ভুল জানো কেৱল মিৰাজুলৰে আছিল? সেইদিনা প্ৰকৃততে কি ঘটিছিল?
শুকুৰবাৰে নিশা ১২:৩০ মান বজাত ফোনযোগে প্ৰেমিকাই নিজ গৃহলৈ মাতি পঠিয়াইছিল প্ৰেমিক মিৰাজুলক। নিশা ১ মান বজাত এগৰাকী বন্ধুৰ সৈতে দুচকীয়া বাহনেৰে মিৰাজুল উপস্থিত হৈছিল প্ৰেমিকাৰ গৃহত। প্ৰেমিকাৰ গৃহৰ কিছু আঁতৰত বন্ধুক ৰ’বলৈ কৈ মিৰাজুলে প্ৰবেশ কৰিছিল প্ৰেমিকাৰ গৃহত। তেনে সময়তে থেপকাইৰ আনোৱাৰ হুছেইনসহ আন লোকে প্ৰেয়সীৰ ঘৰত মিৰাজুলে প্ৰৱেশ কৰা দেখা পায়। কিছু সময় পাছতেই প্ৰেমিকাৰ গৃহত উপস্থিত হয় আনোৱাৰ, জহিৰুলসহ আন কেইবাজনো লোক। লোককেইজনে প্ৰেমিকাৰ গৃহত উপস্থিত হৈ মিৰাজুলক বিচাৰে।
প্ৰথম অৱস্থাত প্ৰেমিকাই মিৰাজুল নথকাৰ কথা কৈছিল যদিও তাইৰ কথাত কোনো গুৰুত্ব নিদি গৃহৰ ভিতৰত প্ৰবেশ কৰিছিল দলটোৱে। কোঠাৰ ভিতৰত মিৰাজুলক দেখা পাই মাৰপিট আৰম্ভ কৰে লোককেইজনে। ভয়ত প্ৰেয়সীয়ে চিঞৰিব ধৰাৰ লগে লগেই একাংশ লোকে প্ৰেমিকাক মুখত সোপা দি ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখে। ইপিনে মিৰাজুলক প্ৰেয়সীৰ ঘৰৰপৰা উলিয়াই নি কাষতে থকা জহিৰুল ইছলামৰ ঘৰলৈ লৈ যায়। জহিৰুল ইছলামৰ গৃহত পঞ্চায়ত সদস্য আনোৱাৰ হুছেইন, প্ৰেয়সীৰ ভাতৃ জিয়াউল হক, জহিৰুল ইছলাম আৰু আন কেইবাজনো লোকে নিৰ্মম নিৰ্যাতনৰ পাছত ডিঙি চেপি হত্যা কৰে প্ৰেমিক মিৰাজুল ইছলাম ভূঞাক।
মৃত মিৰাজুলক জহিৰুল ইছলামৰ বাথৰূমত ৰাখি থোৱাৰ পাছত সুযোগ বুজি মিৰাজুলৰ মৃতদেহ প্ৰেয়সীৰ গৃহৰ পিছফালে থকা এটা পুখুৰীত পেলাই দিয়ে। বগুৱান আৰক্ষীৰ আগত এই চাঞ্চল্যকৰ স্বীকাৰোক্তি অভিযুক্ত হত্যাকাৰী আনোৱাৰ হুছেইনৰ। ঘটনাৰ দিনা অৰ্থাৎ শুকুৰবাৰে মিৰাজুলৰ বন্ধুজনে বাৰে বাৰে মোবাইল ফোনযোগে মেছেজ কৰাৰ পাছতো কোনো সঁহাৰি নাপাই পৰিয়ালৰ লোকক ঘটনাৰ সবিশেষ জনায়। লগে লগে পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও মিৰাজুলক নাপাই অৱশেষত শনিবাৰে বগুৱান আৰক্ষী থানাত গোচৰ ৰুজু কৰে। তৎমূহূৰ্তত বগুৱান আৰক্ষীয়ে মিৰাজুলৰ সন্ধানত অভিযান চলায়। পিছত দেওবাৰে নিশা প্ৰেমিকাৰ ঘৰৰ পিছফালে উদ্ধাৰ হয় মিৰাজুলৰ মৃতদেহ। এনে ভয়ঙ্কৰ ঘটনাৰ পিছতেই নিশাই বগুৱান আৰক্ষীয়ে সাতজনকৈ লোকক সোধ-পোচৰ বাবে আটক কৰে।
পৰবৰ্তী সময়ত বগুৱান আৰক্ষীয়ে তদন্ত চলাই পঞ্চায়ত সদস্য আনোৱাৰ হুছেইন, প্ৰেমিকাৰ ভাতৃ জিয়াউল হক আৰু জহিৰুল ইছলামক ঘটনা সংক্রান্তত আটক কৰে। আন কেইবাজনো হত্যাকাৰী এতিয়াও পলাতক অৱস্থাত আছে বুলি আৰক্ষীৰ এটা সূত্ৰত প্ৰকাশ। ঘটনা সংক্রান্তত বগুৱান আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৫ ধাৰাত ৮৫ /২০২১ নম্বৰত গোচৰ ৰুজু কৰি তিনিওকে জে’ল হাজোতলৈ প্ৰেৰণ কৰে। ইয়াৰে আনোৱাৰ হুছেইন আৰু জিয়াউল হকক অধিক তথ্য লাভৰ বাবে বগুৱান আৰক্ষীয়ে জিম্মাত আনে। বগুৱান আৰক্ষীয়ে মিৰাজুলৰ হত্যাকাণ্ডত জড়িত আন অভিযুক্তক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।ইপিনে এই ভয়ঙ্কৰ হত্যাকাণ্ডৰ ৰাজসাক্ষী হিচাপে থিয় দিছে মিৰাজুলৰ প্ৰেমিকাই।
এতিয়া প্ৰশ্ন হৈছে মিৰাজুলৰ নিৰ্মম হত্যকাণ্ডৰ ঘটনাৰে জড়িতই কঠোৰ শাস্তি পাবনে? প্ৰেমাস্পদক লগ ধৰিবলৈ যোৱাটোকে অপৰাধ বুলি গণ্য কৰি এনে নিৰ্মম কাণ্ড সংঘটিত কৰা লোকক শিক্ষা দিব পাৰিবনে আইনে?
Leave A Comment