• ভুৱা খবৰক প্ৰশ্ৰয় নিদিব, বিবাহৰ ক্ষেত্ৰত ভৰিব নালাগে জিএছটি

    আঞ্চলিক
    ভুৱা খবৰক প্ৰশ্ৰয় নিদিব, বিবাহৰ ক্ষেত্ৰত ভৰিব নালাগে জিএছটি

    গুৱাহাটী : বিবাহানুষ্ঠানৰ আয়োজনত ৫ লাখতকৈ অধিক ব্যয় কৰিলে দিব লাগিব ১৮শতাংশতকৈ অধিক জিএছটি৷ এই খবৰটোৱে এতিয়া ছ’চিয়েল মিডিয়াত টোলপাৰৰ সৃষ্টি কৰিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো সংবাদতাই বিবাহ অনুষ্ঠানত জিএছটিৰ ওপৰত বাতৰি সংগ্ৰহ কৰিছে৷ খবৰ অনুসৰি, নৱেম্বৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম৷ যদি বিবাহ অনুষ্ঠানখন ৫,৫০,০০০ টকাৰ ব্যয় কৰে বিবাহ আয়োজন কৰাগৰাকীয়ে ৯৬,০০০ৰ জিএছটি পৰিশোধ কৰি লাগিব৷ ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা এই খবৰে সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে৷





    কিন্তু প্ৰাথমিকভাৱে এই খবৰটো এটা গাজাখুৰি গল্প বুলিব পাৰি৷ অসমৰ কৰ বিভাগে জনোৱা অনুসৰি তেওঁলোকে এতিয়ালৈ গ্ৰহণ কৰা নাই এনেকুৱা কোনোধৰণৰ জাননী৷ যাৰ বাবে এইখবৰটো ভুৱা বুলি ক'ব পৰা যায়৷ উল্লেখ্য যে, বিগত ২৮ মে'ত অনুষ্ঠিত হৈছিল জিএছটি কাউঞ্চিলৰ ৪৪ সংখ্যক বৈঠক৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বৈঠকৰ জৰিয়তে একাধিক সংশোধন ঘটাইছিল৷ কিন্তু সেই সংশোধনত বিবাহৰ জিএছটিৰ কথা ক’তো উল্লেখ নাই৷ কিন্তু এই কথাটো, ক'ৰ পৰা কেনেকৈ প্ৰচাৰ হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ উল্লেখ্য যে, বিবাহ যদি নিজগৃহৰ সলনি বিবাহ ভৱনত অনুষ্ঠিত কৰা হয়, তেনেহ’লে কেটাৰিঙৰ পৰা বিবাহ ভৱনৰ সকলো কৰ গৰাকীয়ে ভৰিব লাগে৷





    অৱশ্যে এই জিএছটিৰ কথা অৱগত নকৰি বিবাহ ভৱন কৰ্তৃপক্ষই বিবাহ আয়োজন কৰা পৰিয়ালৰ পৰা আদায় কৰে৷ মনকৰিবলগীয়া যে, মোদী চৰকাৰে জিএছটি বলবৎ কৰাৰ পাছত বিবাহৰ খৰচ আগতকৈ দুগুণ হৈছে৷ বিবাহৰ পৰিয়ালে বস্তু ক্ৰয় কৰোতে পৰিশোধ কৰিব লাগে জিএছটি।