• ভুৱা চিকিৎসকৰ নতুন মোৰ : মহানগৰীৰ এখন কেফেত বনোৱা হৈছিল ভুৱা চাৰ্টিফিকেট

    আঞ্চলিক
    ভুৱা চিকিৎসকৰ নতুন মোৰ : মহানগৰীৰ এখন কেফেত বনোৱা হৈছিল ভুৱা চাৰ্টিফিকেট

    গুৱাহাটী : মহানগৰীত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কাণ্ডৰ নতুন মোৰ৷ প্ৰমাণপত্ৰ জালিয়াতিৰ অভিযোগত আন এজনক গ্ৰেপ্তাৰ কৰা হৈছে৷ গণেশগুৰিৰ ৰাজধানী মছজিদৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ধৃত ইজাজুল হকক৷ ‘এপে্ল’ নামৰ এখন কেফেৰ স্বত্বাধিকাৰী ইজাজুল হক৷ ইজাজুলৰ কেফেত প্ৰস্তুত কৰা হৈছিল নকল এমবিবিএছৰ প্ৰমাণ-প্ৰত্ৰৰ৷





    আৰু পঢ়িব পাৰিব: ৰাজ্যৰ কেইবাজনো জ্যেষ্ঠ চিকিৎসক আক্ৰান্ত কৰ’নাত





    বৃহস্পতিবাৰে ধৃত দুই ভুৱা চিকিৎসকে প্ৰস্তুত কৰিছিল নকল প্ৰমাণ-পত্ৰ৷ ধৃত দুয়োজন ভুৱা চিকিৎক আছিল মনোৰঞ্জন ৰয় আৰু হৃষীকেশ ভূঞা৷ শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ে এজাহাৰ দিছিল দুয়োগৰাকীৰ বিৰুদ্ধে৷





    আৰু পঢ়িব পাৰিব: ‘ৰাধে’ত ‘নো কিছ পলিচী’ৰ পণ ভাঙিলে ভাইজান ছলমানে





    প্ৰমাণ-পত্ৰ জালিয়াতি কৰি ‘প্ৰতীক্ষা হাস্পতাল’ত কৰ্মৰত আছিল দুয়োজন৷দুয়োজনকে জেৰা কৰাত পোহৰলৈ আহে ইজাজুল হকৰ নাম৷ কিছুসময়ৰ পূৰ্বে ইজাজুল হকক গ্ৰেপ্তাৰ কৰে ক্ৰাইম ব্ৰাঞ্চে৷