• ভুৱা নিযুক্তিৰ বিস্ফোৰক তথ্য : কামৰূপ আৰক্ষীৰ জালত ভুৱা নিযুক্তিৰ প্ৰবঞ্চক

    আঞ্চলিক
    ভুৱা নিযুক্তিৰ বিস্ফোৰক তথ্য : কামৰূপ আৰক্ষীৰ জালত ভুৱা নিযুক্তিৰ প্ৰবঞ্চক

    কামৰূপ : অসম আৰক্ষীৰ ভূৱা নিযুক্তি সন্দৰ্ভত বিস্ফোৰক তথ্য কামৰূপ আৰক্ষীৰ হাতত । আৰক্ষীত নিযুক্তিৰ নামত প্ৰৱঞ্চক চক্ৰৰ ভয়ংকৰ জাল । কামৰূপ আৰক্ষীৰ জালত ভূৱা আৰক্ষী নিযুক্তিৰ প্ৰবঞ্চক । কামৰূপৰ ছয়গাঁও আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ মইনুল খান নামৰ এজন শিক্ষক । আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে বাছেৰ আলী নামৰ ভুক্তভুগীগৰাকীক ।





    ইতিমধ্যে প্ৰবঞ্চক চক্ৰৰ মাষ্টাৰ মাইণ্ডক বিচাৰি অভিযান তিব্ৰতৰ কৰি তুলিছে কামৰূপ আৰক্ষীয়ে । প্ৰবঞ্চক চক্ৰ তথা শিক্ষক মইনুল খান আৰু ভুক্তভুগী বাছেৰ আলীক পৃথকে পৃথকে জেৰা চলাইছে আৰক্ষীয়ে ।





    ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত চলি থকা হেতুকে তদন্তৰ খাতিৰত সংবাদ মাধ্যমক সবিশেষ অবগত কৰিব বিচৰা নাই কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়ে । এই প্ৰবঞ্চক চক্ৰৰ লগত আৰক্ষী প্ৰভাৱশালী ব্যক্তি জড়িত থকাৰ সন্দেহ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীত মাজত মেলিছিল আৰক্ষীৰ চাকৰিত নিযুক্তিৰ বজাৰ ।