• ভুৱা সংঘৰ্ষৰ অভিযোগ!জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ পৰিয়ালৰ সমদল

    আঞ্চলিক
    ভুৱা সংঘৰ্ষৰ অভিযোগ!জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ পৰিয়ালৰ সমদল

    ডিজিটেল ডেস্ক: ৰঞ্জন দৈমাৰীক অনতিপলমে মুক্তি নিদিলে অসমজুৰি বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদানৰ এটা দিন পূৰ নৌহওঁতেই আৰক্ষীৰে সংঘৰ্ষত নিহত হয় সংগঠনটোৰ দুই সদস্য জৌংছাৰ মুছাহাৰী আৰু জনক ব্ৰহ্ম। ইয়াৰ পিছতেই জৌংছাৰৰ পৰিয়ালৰ লোক আৰু গাঁওবাসীয়ে দাবী কৰে যে ভুৱা সংঘৰ্ষত আৰক্ষীয়ে তেওঁক হত্যাকৰিছে। পৰিয়ালৰ লোকৰ দাবী জৌংছাৰ এন ডি এফ বিৰ প্ৰাক্তন সদস্য যদিও বৰ্তমান কোনো উগ্ৰপন্থী সংগঠনৰ সৈতে তেওঁৰ সম্পৰ্ক নাছিল। অৱশ্যে কালি কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে এক সংবাদমেল আয়োজন কৰি সমগ্ৰ এনকাউণ্টাৰৰ সবিশেষ সদৰি কয়। আৰক্ষীয়ে দুয়োগৰাকী নিহত যুৱক ইউ এল বি ৰ সদস্য বুলি দৃঢ়তাৰে দাবী কৰে।










    যি নহওঁক, জৌংছাৰৰ মৃত্যুৰ পিছত অঞ্চলটোত সৃষ্টি হোৱা উত্তেজনা আজিও মাৰ যোৱা নাই। আজি তেওঁৰ পৰিয়ালৰ লোক আৰু স্থানীয় লোকে জৌংছাৰ মুছাহাৰীৰ মৃতদেহ লৈ উলিয়াই এক সমদল যাত্ৰা।সমদলকাৰীসকলে সংঘৰ্ষটোক সম্পূৰ্ণৰূপে ভুৱা বুলি আখ্যা দি মানৱ অধিকাৰ আয়োগ তথা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰে। আৰক্ষীয়ে সমদলকাৰীক বাধা প্ৰদানৰ চেষ্টা কৰে যদিও উত্তেজিত লোকসকলে আৰক্ষীৰ বাধা অমান্য কৰি আগবাঢ়ি যায়। অসম পুলিচ মুৰ্দাবাদ, অসম পুলিচ গ’ বেক ধ্বনিৰে তেওঁলোকে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।জৌংছাৰ মুছাহাৰীৰ ঘৰৰ পৰা আৰম্ভ হোৱা এই সমদল শালগুৰী গাঁওৰ মাজেৰে আগুৱাই গৈ পুনৰ নিজ বাসগৃহলৈ উভতি আহে।
    উত্তেজিত গাঁওবাসীয়ে জৌংছাৰৰ পোন্ধৰ দিনীয়া সন্তানৰ ভৱিষ্যতৰ দায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন উত্থাপন কৰে। আনহাতে তেওঁৰ বাসগৃহত উপস্থিত হৈ বড়োলেণ্ড ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বঞ্জিৎ মঞ্জিল বসুমতাৰীয়ে সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।প্ৰাক্তন সাংসদ চাঞ্চুমা খুংগুৰ বিছমুতিয়াৰীয়েও ঘটনা সন্দৰ্ভত উচ্চতম ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপ দাবী কৰে।