• ভূটানে পানী এৰি দিয়াৰ ফলত এতিয়াও জলমগ্ন বহু গাঁও !

    আঞ্চলিক
    ভূটানে পানী এৰি দিয়াৰ ফলত এতিয়াও জলমগ্ন বহু গাঁও !

    বঙাইগাঁও: চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰশ্বো বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত অসমৰ বহুটা অঞ্চলত সৃষ্টি হৈছে বানপানীৰ৷ শনিবাৰে আকস্মিকভাৱে বৃদ্ধি পোৱাত বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ প্ৰায় ৫০খনকৈ গাঁও জলমগ্ন হৈ পৰিছিল। অৱশ্য দেওবাৰে নিশাৰ ভিতৰতে আই নৈৰ পানী কিছু হ্ৰাস পাইছে যদিও এতিয়ালৈকে আবদ্ধ হৈ আছে বহু পৰিয়াল।





    মাণিকপুৰ ৰাজহচক্ৰৰ অন্তগৰ্ত ৪, ৫ আৰু ৬নং ভাণ্ডাৰা, টেণ্টনপুৰ, তিলপুখুৰী এতিয়াও পানীৰ তলত। বহু পৰিয়ালে ওখ ঠাইলৈ গৈ পশুধনৰ সৈতে আশ্ৰয় লৈছিল যদিও ঘৰলৈ ওভতি যাব পৰা নাই। আনহাতে, ক্ৰমান্বয়ে মানাহ নদীৰ পানী ওফন্দি উঠি ঠায়ে ঠায়ে কিছুসংখ্যক পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত ডুব গৈছে।





    তদুপৰি হাজাৰ হাজাৰ বিঘা শালি খেতি পানীৰ তলত ডুব যোৱাক লৈ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে। পুখুৰীৰ পৰা ওলাই গৈছে লাখ লাখ টকাৰ মাছো। ক্ষতিগ্ৰস্ত হৈছে মীনপালক সকলো।