• ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন

    আঞ্চলিক
    ভূমিকম্প : ৰাজ্যত দুজন লোক নিহত, আহত ১৫জন

    গুৱাহাটী : ৰাজ্যত আজি পুৱাৰ ভাগত হোৱা তীব্ৰ কম্পনৰ ভূমিকম্পৰ সময়ত দুজনকৈ লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় ১৫জন লোক আহত হয়৷ গুৱাহাটীৰ উপকণ্ঠৰ চন্দ্ৰপুৰত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৭০ বছৰীয়া প্ৰসন্ন কলিতা আৰু নগাঁৱৰ বেবেজীয়াত মৃত্যু হয় লাবণ্য শইকীয়া বৈশ্য নামৰ এগৰাকী মহিলাৰ।





    আৰু পঢ়িব পাৰিব : ভাৰতীয় প্ৰতিষেধকতে আছে ক’ভিড জয়ৰ মন্ত্ৰ, কি নতুন তথ্যই





    তদুপৰি ভেটাপাৰাত ছাবিৰুল হুছেইন নামৰ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ বিল্ডিঙৰ পৰা ইটা খহি মূৰত পৰাত সম্প্ৰতি জিএমচিএইচত চিকিৎসাধীন হৈ আছে লোকজন৷ ইপিনে, নগাঁৱত ভূঁইকঁপৰ ফলত পাঁচজনকৈ লোক আহত হৈ চিকিৎসাধীন হ'বলগীয়াও হৈছে।





    ভূমিকম্পৰ ফলত আহত হৈ নগাঁৱৰ জি ডি নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে বঢ়মপুৰৰ ভৱভূষণ ভাৰতী, হাফিজুল আলম, নগাঁও গান্ধীবাৰীৰ নিৰন কুমাৰ নাথ আৰু ম'হখুলিৰ ফাৰুক। নগাঁৱৰ এটি কণমানি শিশুও আহত হয়।





    আৰু পঢ়িব পাৰিব : জেএমবি সন্দেহত ধুবুৰীত গ্ৰেপ্তাৰ হ’ল দুজন





    আজি পুৱাৰ ভূমিকম্পৰ ফলত খাৰুপেটীয়াত এজন লোক আহত হয়৷ ঘৰৰ ৱাল খহি বিছনাৰ ওপৰতে বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আবুবক্কৰ ছিদ্দিক নামৰ লোকজন৷ ইপিনে দৰঙৰ চকীয়াপাৰাত ভূমিকম্পৰ ফলত ঘৰৰ বেৰ ভাঙি পৰাত আহত হয় উমাকান্ত ডেকা নামৰ ৭০বছৰীয়া লোকজন৷