National
ধুবুৰী : ধুবুৰী জিলাৰ বয়জেৰ আলগাত ভূমিবিবাদৰ ভয়ংকৰ পৰিণতি! দুই ফৈদৰ মাজত হোৱা কাজিয়াত নিহত হয় এজন যুৱক৷ ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত বয়জেৰ আলগা গাঁৱৰ আব্দুল আজিদ আৰু তেওঁৰ পৰিয়ালৰ লোকে একেখন গাঁৱৰে আইনুল হকৰ পুত্ৰ আজগৰ আলিক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে৷
ঘটনাৰ পাছতে অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ৷ লগে লগে ঘটনাস্থলীত বন্দিহানা আৰক্ষী উপস্থিত হৈ হত্যাকাৰী আব্দুল আজিদক আটক কৰে৷ বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আবুল কাচেম ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দোষিক কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিয়ে উত্তেজিত ৰাইজক৷
স্থানীয় ৰাইজে হত্যাকাৰী আব্দুল আজিদৰ ফাঁচীৰ দাবী জনাইছে৷ ইফালে নিহত হোৱা আজগৰ আলীৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছে৷
Leave A Comment