গোৱালপাৰাঃ যি সময়ত ভূমি দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ স্থিতি শূন্যসহনশীল, তেনে সময়তে ভূমি দালাল সম্পৰ্কীয় আন এক ঘটনা শেহতীয়াকৈ উন্মোচিত হৈছে গোৱালপাৰাৰ লক্ষীপুৰত। মাটিৰ দালালৰ এটা অ’ডিঅ’ ক্লিপিঙে স্পষ্ট কৰিলে দালাল চক্রৰ দপদপনি। লক্ষীপুৰ ৰাজহচক্ৰৰ কাৰ্যালয়ত ভূমি সংক্ৰান্তীয় কাম কৰিবলৈ আহি দালালৰ কৱলত পৰিছিল এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম গুমাইঝাৰ গাঁৱৰ জাহিদা বিবি। পাঁচমাহৰ পূৰ্বে জাহিদাই ৩৫৪/৩৫৫ নম্বৰ দাগৰ ভূমি সংক্ৰান্তীয় কামৰ বাবে লক্ষীপুৰ ৰাজহচক্ৰ কাৰ্যালয়লৈ গৈছিল। কাৰ্যালয়তে খাইৰুল ইছলাম নামৰ ভূমি দালালজনৰ কৱলত পৰিছিল মহিলাগৰাকী।
জলেশ্বৰৰ ধুৰন্ধৰ ভূমিদালাল খাইৰুল ইছলামৰ বিৰুদ্ধে অভিযোগ জাহিদ বিবিৰ। তেতিয়াই ভূমি সংক্ৰান্তীয় কামৰ প্ৰতিশ্ৰুতিৰে খাইৰুলে জাহিদাৰ পৰা সৰকাইছিল ২৫ হাজাৰ টকা। কাম সম্পাদন সম্পর্কত ধুৰন্ধৰ দালাল খাইৰুলে দিছিল এটাৰ পাছত আন এটা নিৰ্ধাৰিত সময়। কিন্তু, সকলো নিৰ্দ্দিষ্ট সময় উকিলি যোৱাৰ পাছত জাহিদাৰ সন্দেহ ওপজে। পৰৱৰ্তি সময়ত খাইৰুলক দিয়া টকাখিনি জাহিদাই ওভতাই বিচাৰে। কিন্তু, ধুৰন্ধৰ দালাল খাইৰুলে ওভতাই দিয়াৰ পৰিৱৰ্তে নানান অজুহাত দেখুৱাইছে জাহিদাক। অৱশেষত, জাহিদাই দালালৰ কৱলত পৰা বিষয়টোত নিশ্চিত হয়। পাছত, জাহিদাই ন্যায় বিচাৰি ধুৰন্ধৰ ভূমি দালাল খাইৰুলৰ বিৰুদ্ধে জলেশ্বৰ আৰক্ষীচকীত তৰিলে গোচৰ।
ইয়াৰ উপৰি ভূমি দালাল খাইৰুলৰ বিৰুদ্ধে আছে ভূমি সম্পৰ্কীয় একাধিক গোচৰ। কাজেই, অ’ডিঅ’ ক্লিপিঙৰ দ্বাৰা উন্মোচিত এই ঘটনা সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা লয়, সেয়াহে হ’ব লক্ষ্যণীয়। ইপিনে এজাহাৰ দাখিল কৰাৰ পাছৰপৰাই পলাতক অৱস্থাত আছে খাইৰুল ইছলাম। মাটিৰ দালালি কৰি জাপে জাপে ধন লোৱা আঢ্যবন্ত খাইৰুলক জলেশ্বৰ আৰক্ষীয়ে বিচাৰি উলিয়াব পাৰিব নে? অভিযোগ সন্দৰ্ভত জলেশ্বৰ আৰক্ষীয়ে কি ভূমিকা লয়, সেয়া সময়তহে স্পষ্ট হ’ব।
Leave A Comment