• ভূৰাগাঁৱৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত পাঠাক আটক

    আঞ্চলিক
    ভূৰাগাঁৱৰ ধৰ্ষণকাণ্ডৰ সৈতে জড়িত পাঠাক আটক

    মৰিগাঁওঃ মুখ্যমন্ত্ৰীয়ে মৰিগাঁৱৰ ভূৰাগাঁৱৰ ধৰ্ষণকাণ্ডৰ তদন্তৰ বুজ লোৱাৰ দুদিনৰ পাছতে ঘটনাৰ সৈতে জড়িত এজনক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী৷ আটক হোৱা ধৃত ব্যক্তিজনৰ নাম হৈছে ছৈয়দ আলী ওৰফে পাঠা।





    বালিডোংগাৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰা হৈছে ছৈয়দ আলীক৷ উল্লেখ্য যে মৰিগাঁৱৰ ভূৰাগাঁৱৰ এগৰাকী কন্যা শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছতো কিন্তু অপৰাধী মুক্ত আকাশৰ তলত ঘূৰি ফুৰিছিল। প্ৰশাসনে অপৰাধীক চিনাক্ত কৰি কৰায়ত্ত কৰিব পৰা নাছিল। ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা ৯ বছৰীয়া চুমি আনচাৰীৰ ঘটনাৰ বুজ ল’বলৈ ভূৰাগাঁৱত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অৱশেষত ঘটনাৰ সৈতে জড়িত আলীক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে৷