• ভেকচিন নল’লে চাকৰি হেৰুৱাব চৰকাৰী কৰ্মচাৰীয়ে: স্বাস্থ্যমন্ত্ৰী

    আঞ্চলিক
    ভেকচিন নল’লে চাকৰি হেৰুৱাব চৰকাৰী কৰ্মচাৰীয়ে: স্বাস্থ্যমন্ত্ৰী

    গুৱাহাটী: ৰাজ্যৰ ক’ভিড পৰিস্থিতি সাপেক্ষে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰা নতুন এছঅ'পিত সকলো চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক কৰিছিল৷ ইয়াৰ পাছতে আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰৰ পূৰ্বে সকলো চৰকাৰী কৰ্মচাৰীয়ে ভেকচিন ল’ব লাগিব বুলি নিৰ্দেশ দিয়ে৷





    ভেকচিন নোলোৱাকৈ কোনো কৰ্মচাৰী কাৰ্যালয়লৈ আহিব নোৱাৰিব৷ ভেকচিন নোলোৱাৰ অজুহাততো যদি কোনো কৰ্মচাৰী কাৰ্যালয়লৈ নাহে, তেন্তে সেই কৰ্মচাৰীজনক বৰ্খাস্ত কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ৷ পৰ্যাপ্ত ভেকচিন থকাৰ পাছতো অৱহেলা কৰাৰ বাবে এই কঠোৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে৷





    একেদৰে ভেকচিন নোলোৱাগৰাকীয়ে খুলিব নোৱাৰিব ব্যৱসায়িক প্ৰতিষ্ঠানো৷ প্ৰতিষ্ঠান খুলিলে উপাযুক্তই গঠন কৰি দিয়া দলে তৎক্ষণিক ছীল কৰাৰ ক্ষমতা দিয়ে উপায়ুক্তই৷ একেদৰে সকলো চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানৰ সন্মুখত থাকিব লাগিব ব্যক্তিগত ঘোষণাপত্ৰ৷ প্ৰতিষ্ঠানৰ সকলো কৰ্মচাৰী ভেকচিন লোৱাৰ ঘোষণাপত্ৰ লগাব লাগিব নহ'লে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান তৎক্ষণিকভাৱে বন্ধ কৰাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ৷