Sci & Tech
ডিব্ৰুগড় : চিকিৎসকে ভেণ্টিলেটৰ খুলি দিলেই আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী ঘৰলৈ আহি হৈ পৰিল সুস্থ৷ এনে এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হৈছে এইখন অসমত৷ চিকিৎসাৰ নামত যি একাংশ ব্যক্তিগত নাৰ্ছিংহোমে একপ্ৰকাৰ ব্যৱসায়ত নামি ধন লুণ্ঠনৰৰ কাৰ্য অব্যাহত ৰাখিছে৷ আৰু এনে ঘটনাই সংবাদ শিৰোনাম দখল কৰি আহিছে৷ চিকিৎসকে ভেণ্টিলেটৰ খুলি দিলেই মাত্ৰ আধাঘণ্টাৰ ভিতৰত মৃত্যু হ’ব বুলি কোৱা ৰোগী ঘৰলৈ আহি ক্ৰমাৎ হৈ পৰিল সুস্থ৷ নিজে উঠা-বহা কৰাৰ লগতে খাদ্যও গ্ৰহণ কৰিব পাৰিছে চিকিৎসকে অন্তিম সময় দিয়া ৰোগী ৰবীন গোঁহাইয়ে৷ এই ঘটনা সংঘটিত হৈছে চাবুৱাত৷
জানিব পৰা মতে, চাবুৱা নিৱাসী প্ৰায় ৭৪-বছৰীয়া ৰবীন গোঁহাইক ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্ছিংহোমত ভৰ্তি কৰা হৈছিল৷ পিছে ৬টাকৈ দিন আইচিইউত-চিকিৎসাধীন হৈ থকাৰ পাছতো ৰোগীৰ বিশেষ কোনো পৰিৱৰ্তন দেখা নাপাই পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয়লৈ নিব বিচৰাত নাৰ্ছিংহোমখনৰ চিকিৎসকে অৱগত কৰে যে ভেণ্টিলেটৰ খুলি দিলেই ৰোগীজন আধাঘণ্টা বা এঘণ্টাৰ ভিতৰত হ'ব পাৰে মৃত্যু৷
অৱশেষত উপায়ন্তৰ হৈ ধনৰ অভাৱত নাৰ্ছিংহোমত পৰিয়ালৰ লোকে চিকিৎসা কৰাব নোৱাৰি ৰবীন গোঁহাইক ঘৰলৈ লৈ আনে৷ পিছে আশ্চৰ্যজনকভাৱে ঘৰলৈ আহি ক্ৰমাৎ হৈ পৰিল সুস্থ হৈ পৰিল ৰবীন গোঁহাই৷ আনহাতে সঞ্জীৱনী নাৰ্ছিংহোমৰ বিৰুদ্ধে ৰোগীক গিনিপিগ্ সজাই ধন লুণ্ঠণৰ অভিযোগ কৰিছে এতিয়া ৰোগীৰ পৰিয়ালে৷ ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ জিলা উপায়ুক্তক অৱগত কৰিছে ভুক্তভোগীৰ পৰিয়ালে৷
Leave A Comment