• ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন

    আঞ্চলিক
    ভেৰগাঁৱত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱঃ ৭ পৰিয়ালৰ ক্ষতিসাধন

    ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ননৈখাচগাঁৱত ভাৰত-ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্য আৰু খালিংদুৱাৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা শ শ হাতীয়ে বিগত দীৰ্ঘদিন ধৰি চলাই আহিছে উপদ্ৰৱ৷ অঞ্চলটোৰ বহু পৰিয়ালৰ বাসগৃহ ধ্বস কৰাৰ লগতে ভঁৰালৰ ধান, খেতিপথাৰ শইচ, কলৰ বাগান আদি বিনষ্ট কৰিছে৷ ইতিমধ্যে গৃহহীন হৈ পৰিছে বহু পৰিয়াল৷





    আৰু পঢ়িব পাৰিব :‘সোণৰ অসম’ৰ চালকে মহটিয়ালে কণ্ডাক্টৰক





    কালি পুৱতিনিশা প্ৰায় ৫০-৬০জনীয়া হাতীৰ জাক এটাৰ পৰা ফালৰি কাটি গৈ এটা বন্যহস্তীয়ে সীমান্তৱৰ্তী অঞ্চলটোৰ ননৈখাচ গাঁৱত প্ৰৱেশ কৰি ৰিনদাও বসুমতাৰী, নওৰাজ লিম্বু, দিলীপ নাৰ্জাৰী , গমজুৰ বড়ো , নৱীন বড়ো কে আৰু পৰিয়ালৰ মুঠ ৭টা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিসাধন কৰে৷





    আৰু পঢ়িব পাৰিব :ঘন জংঘলৰ পৰা উদ্ধাৰ মিৰ্জাৰ অপহৃত ব্যৱসায়ী !





    পৰিয়াল কেইটাৰ কল গছ, তামোল গছ, ভঁৰালৰ ধানখাই তহিলং কৰিছে৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথ্থাপন কৰিছে স্থানীয় ৰাইজে৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে৷ ইফালে বনবিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভ উজাৰে ৰাইজে৷