Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত গাত গছ পৰাৰ ফলত এজন লোকৰ মৃত্যু ঘটিছে। মৃত যুৱকজন ডিমাকুছিৰ বৰঙাজুলিখুঁটিৰ ৰাজেশ কৰ্মকাৰ (৩৫) বুলি জানিব পৰা গৈছে৷ উৎকট গৰমৰ বাবে দুপৰীয়া পাকৰি গছ ডালৰ তলত বিশ্ৰাম লৈ আছিল যুৱকজনে৷ পূৰ্বে গছৰ গুৰিটো আধা কাটি থোৱাৰ বাবেই গছডাল হঠাতে বাগৰি পৰে যুৱকজনৰ ওপৰত।
পথৰ দাঁতিত থকা গছডাল টেক বাহাদুৰ চুব্বা নামৰ এজন লোকে কাটি থৈছিল বুলি অভিযোগ উৎত্থাপন হৈছে! নৈৰ মাছ বিক্ৰী কৰি দুটি কণমানি সন্তানৰ সৈতে পৰিয়ালতো পোহপাল দি আহিছিল মৃত ৰাজেশে।
ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ওদালগুৰিলৈ প্ৰেৰণ কৰা হৈছে বুলি আমাৰ সাংবাদিকে জনাইছে।
Leave A Comment