• ভোগালীৰ আনন্দৰ মাজতেই চোৰে লুটিলে এটা পৰিয়ালৰ সৰ্বস্ব

    আঞ্চলিক
    ভোগালীৰ আনন্দৰ মাজতেই চোৰে লুটিলে এটা পৰিয়ালৰ সৰ্বস্ব

    মুছলপুৰ : ভোগালী বিহুৰ আনন্দৰ মাজতে বাকসাৰ নিকাছী আৰক্ষী চকীৰ অন্তৰ্গত ধনশ্ৰীপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ডৰ ঘটনা৷ নিশা ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি বাকচৰ তলা ভাঙি চোৰে নিলে নগদ ধন আৰু সোণ৷ জানিব পৰা মতে বিষ্ণুমায়া সাপকাটা নামৰ মহিলাগৰাকীয়ে নিশা ভাত-পানী খাই ওচৰৰে এটা পৰিয়ালত ফুৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় ঘটনাটো৷





    আৰু পঢ়িব পাৰিব : উৰুকাৰ দিনাই ভাৰত-ভূটান সীমান্তত হিংসাত্মক ঘটনা





    ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি প্ৰথমে দৰ্জাৰ জিঞ্জিৰি কাটি চোৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু পাছত বাকচৰ তলা ভাঙি চুৰিকাৰ্য সংঘটিত কৰে৷ বিষ্ণুমায়াই ঘৰলৈ উভতি আহি দৰ্জা খোলা দেখি চিঞৰ-বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি চুৰি হোৱা বুলি জানিব পাৰে৷ বিষ্ণুমায়া সাপকাটা নামৰ মহিলাগৰাকীয়ে জানিব দিয়া মতে চোৰে বাকচৰ তলা ভাঙি নগদ এক লাখ টকা, চাৰি তোলা সোণ আৰু তিনি তোলা ৰূপ লৈ যায়৷





    আৰু পঢ়িব পাৰিব : ভোগালী মানেই অভিশপ্ত : উগ্ৰপন্থীয়ে প্ৰাণ ল’লে তিনিটা পৰিয়ালৰ





    পাছত ঘটনাস্থলীত নিকাছী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে দীৰ্ঘদিন ধনশ্ৰীপুৰৰ বৃহৎ অঞ্চলত চুৰিকাণ্ড সংঘটিত হৈ আহিছে৷ কিন্তু আজি পৰ্যন্ত এগৰাকীও চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই নিকাছী আৰক্ষী৷