জীৱন শৈলী
নাহৰকটীয়া : ভোগালীয়েও উলাহ কঢ়িয়াই আনিব পৰা নাই এটা দুৰ্ভগীয়া পৰিয়াললৈ৷ ভোগৰ উৎসৱক লৈ সকলো ব্যস্ত হৈ থকাৰ সময়তেই হাস্পতালৰ বিছনাত অসুস্থ দেহাৰে শুই আছে এজন যুৱক। কাষত বৃদ্ধ পিতৃ। কাৰণ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ দুয়োটা কিডনীয়েই বিকল৷ ঘৰৰ মাটি বাৰী, বয় বস্তু সকলো বিক্ৰী কৰিও পৰিয়ালটোৱে সুস্থ কৰিব নোৱাৰিলে নিজৰ একমাত্ৰ পুত্ৰক। নাহৰকটীয়া নগাঁও তিনিআলিৰ বাবুল কলিতা আৰু ৰীণা কলিতাৰ একমাত্ৰ পুত্ৰ বিদুৎ কলিতা।
আৰু পঢ়িব পাৰিব : নিৰ্বাচনী ৰণকৌশল ! বিহুৰ পাছতে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী !
সৰুৰে পৰা মেধাসম্পন্ন বিদুতে ধনৰ অভাৱ হোৱাৰ বাবে নিজে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতেই পঢ়া সামৰি ঘৰুৱা দায়িত্ব মূৰ পাতি লৈছিল৷ ভনীয়েকক পঢ়াবৰ বাবে চাবোন ফেক্টৰীত কাম কৰি ভনীয়েকৰ পঢ়া-শুনাৰ লগতে মূৰ পাতি লৈছিল ঘৰখনৰ সমগ্ৰ দায়িত্ব। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰৰ দুয়োটা কিডনী বিকল হৈ পৰাত অসহায় হৈ পৰিছে পৰিয়ালটো। ওচৰ চুবুৰীয়াৰ পৰা টকা ধাৰে লোৱাৰ উপৰি ঘৰৰ মাটি-বাৰী বিক্ৰী কৰি চিকিৎসা কৰিছে যদিও সুস্থ হৈ নুঠিল পুত্ৰ। পিতৃ মাতৃৰ সকলো প্ৰচেষ্টা বিফল হোৱাত পুত্ৰৰ মুখলৈ চাই নিজৰে কিডনী পুত্ৰক দান কৰিবলৈ কৰিবলৈ ওলাই আহিল পিতৃ। ইয়াৰ পিছতো যেন দুৰ্দশাই পিছ এৰা নাই পৰিয়ালটোক।
আৰু পঢ়িব পাৰিব : পিঠিৰ বিষত ঠিয় হ’ব পৰা নাছিল অশ্বিন, তাৰ পাছতো ৩ ঘণ্টা বেটিং…
পিতৃৰ কিডনী পুত্ৰৰ দেহত সংৰোপন কৰিবলৈ এতিয়া পৰিয়ালটোক লাগে লক্ষাধিক টকা। সেয়েহে অসহায় মাতৃয়ে সদাশয় লোকক আহ্বান জনাইছে, পুত্ৰক নতুন জীৱন দিয়াত সহায় কৰক। কোনোবা সদাশয় ব্যক্তিয়ে দুৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিব বিচাৰিলে নাহৰকটীয়া ষ্টেট বেংকৰ SBIN0010761 নম্বৰৰ IFSC কৰ্ডৰ 31906243605 নম্বৰত আৰ্থিক সাহায্য আগবঢ়াব পাৰিবা অথবা 8822745772 নম্বৰত পোনপতীয়াকৈ যোগাযোগ কৰিব পাৰিব।
Leave A Comment