Sci & Tech
Netflix is considering raising rates for its ad-free subscriptions globally...
বাকসা : এটি অভিশপ্ত নিশা! নিশাৰ স্তব্ধতা ফালি বন্দুকৰ গুলিয়ে প্ৰাণ ল’লে ১৭ জনকৈ নিৰীহৰ।১৯৯৮ চনৰ ১৩ জানুৱাৰীত ভোগালীৰ বিহুৰ আনন্দ উৎসাহ ম্লান হ'ল নিমিষতে। এনে হৃদয়বিদাৰক ঘটনাৰ স্মৰণ কৰি গাঁওবাসীয়ে পালন নকৰে ভোগালী বিহু। কণ কণ শিশুসকলে নাজানে ভোগালীৰ উছাহ আনন্দ।
আৰু পঢ়িব পাৰিব :অসমত নতুন জিলা ঘোষণা, সন্তুষ্টি প্ৰকাশ মুখ্যমন্ত্ৰী সোণোৱালৰ
বাকসা জিলাৰ দ্বাৰকুচিৰ সমীপৱৰ্তী কেকেৰীকুচী গাঁৱত ভোগালী বুলিলেই এক অজান আশংকাত বুকু কপি উঠে। ২৩ বছৰ ধৰি ভোগালীৰ আনন্দ-উছাহৰ পৰা বঞ্চিত হৈ আহিছে কেকেৰীকুচী গাঁৱৰ ৰাইজে। কণ কণ শিশুসকলে নাজানে ভোগালীৰ আনন্দ আৰু পিঠাপনাৰ সোৱাদ আৰু ভেলাঘৰৰ জুইৰ উত্তাপ।
আৰু পঢ়িব পাৰিব :বন্ধুৰ সহযোগত ধৰ্ষণকাৰীৰ ৰূপত প্ৰেমিক! ভিডিঅ’ ভাইৰেল
১৯৯৮ চনৰ ১৩ জানুৱাৰীৰ মঙলবাৰে নিশা ৮.১০ বজাত উৰুকাৰ নিশা ভোজ-ভাতৰ যোগাৰত ব্যস্ত থকাৰ সময়তে এটা উগ্ৰপন্থী দলে তিনিটা পৰিয়ালৰ ১৭ জনকৈ পৰিয়ালক নিৰীহভাৱে গুলীয়াই হত্যা কৰে। সেই তেতিয়াৰেপৰাই কেকেৰীকুচী গাঁৱৰ ৰাইজে আজিলৈ ভোগালী বিহুত শ্ৰদ্ধাৰ্ঘ নিৱেদন কৰি মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰ বাবে চাকি বন্তি-জ্বলাই উজাগৰে কটাই কেকেৰীকুচী গাঁৱৰ ৰাইজে।
Leave A Comment