National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটীঃ এইবাৰৰ বিধানসভা অধিৱেশনৰ নতুন বাজেটখনক বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে বিত্তমন্তী অজন্তা নেওগে। আজি বিধানসভাত ভাষণ প্ৰসংগত বাজেটখনক নাৰিকলৰ লগত তুলনা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে। ‘ওপৰে ওপৰে চালে বাজেটখনৰ আচল ৰূপ নেদেখে’- বুলিও বিৰোধীক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ ৩ কোটি ৩০লাখ লোকক লৈ বাজেট তৈয়াৰ কৰা হৈছে বুলিও ভাষণ প্ৰসংগতে সদৰী কৰে তেওঁ। চৰকাৰে নহয় পৰিৱেশেহে হিতাধিকাৰী সৃষ্টি কৰে। ‘অৰুণোদয়’ আঁচনি এক সন্মান বুলিও মন্তব্য প্ৰকাশ কৰে তেওঁ।
বাজেটত সম্পদ আহৰণৰ স্পষ্ট নীতি আছে। হিতাধিকাৰী সৃষ্টি সন্দৰ্ভতো বিৰোধীৰ অভিযোগৰ প্ৰত্যুত্তৰ দিয়ে। এই আঁচনিসমূহে অসমক নতুন মাত্ৰা প্ৰদান কৰিছে বুলিও নেওগে প্ৰকাশ কৰে। অৰুণোদয় আঁচনিয়ে মহিলাক সন্মান দিছে বুলিও তেওঁ কয়। লগতে তেওঁ এই আঁচনিৰ দ্বাৰা মহিলাৰ সন্মান বঢ়োৱা বুলিও কয়। সামাজিক খণ্ডতো বহু আঁচনি গ্ৰহণ কৰা হৈছে। ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰাৰ লগতে সমান্তৰালকৈ উন্নয়ন দিশটো বৰ্তমানৰ চৰকাৰে বাজেটত গুৰুত্ব দিয়া বুলি উল্লেখ কৰে। বৰ্তমানৰ চৰকাৰখনে নুমলীগড় শোধনাগাৰত কৰা বিনিয়োগ এক ঐতিহাসিক কাম বুলিও তেওঁ উল্লেখ কৰে।
বনৰ ৰাজহ ৪০০ কোটিৰ পৰা চাৰিগুন বৃদ্ধি কৰা হ’ব বুলিও ভাষণ প্ৰসংগত কয়। বাজেটত কৃষিক অধিক গুৰুত্ব দিয়া হৈছে বুলও তেওঁ কয়। বাজেটে অসমক আত্মনির্ভৰশীল কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। কৃষি ৰাজ্যৰ বাবে স্থায়ী অৰ্থনীতিৰ ভেটি বুলিও উল্লেখ কৰা। মীন ক্ষেত্ৰখনতো চৰকাৰৰ যথেষ্ট কৰণীয় আছে বুলিও উল্লেখ কৰা। সকলোকে কৃষিকাৰ্যলৈ সন্মানসহ আগুৱাই আনিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। যুৱশক্তিক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব বুলি কোৱাৰ লগতে এই কাম বিধায়কসকলে কৰিব লাগিব বুলিও কয়। গ্ৰাম্য অৰ্থনীতি উন্নয়ন কৰাৰ বাবে চৰাকাৰে মনোনিৱেশ কৰাৰ কথাও দোহাৰে মন্ত্ৰীগৰাকীয়ে।
কৃষি বিভাগৰ লগত লগ হৈ চৰকাৰে এই ক্ষেত্ৰত আগুৱাই যোৱাৰ পৰিকল্পনা কৰা হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে। ক্ষুদ্র ব্যৱসায়ীসকলৰ বাবেও বিভিন্ন ক্ষেত্ৰ ধন বাজেটত ধার্য কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ভ্ৰাম্যমাণৰ শিল্পীৰ সাহায্যৰ বাবে ১ কোটি ২৫ লাখ পুঁজি ধার্য কৰা হৈছে বুলিও উল্লেখ কৰে। অসমৰ সম্পত্তি থকা বাবে আমি অসমে চৰকাৰে ঋণ পোৱা বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বিত্তীয় ব্যৱস্থা অতি সুস্থ বুলিও তেওঁ ভাষণ প্ৰসংগতে ব্যক্ত কৰে।
Leave A Comment