ৰাষ্ট্ৰীয়
দেৰগাঁওঃ অসমৰ সাংস্কৃতিক জগতৰ বাবে দুখবৰ! ভ্ৰাম্যমাণ থিয়েটাৰৰ বলিষ্ঠ অভিনেতা পৰেশ হাজৰিকাৰ দেহাৱসান। দেৰগাঁৱৰ গণকপুখুৰীস্থিত নিজা বাসগৃহত শনিবাৰে বিয়লি শেষনিস্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। নিশা শেষকৃত্য সমাপন কৰিছে পৰিয়ালে। কেইবাবছৰ ধৰি বৃক্কজনিত ৰোগত অসুস্থ হৈ আছিল তেওঁ। ১৯৭৩ চনতে ভৰি দিছিল ভ্ৰাম্যমাণৰ মঞ্চত।
আৰু পঢ়িব পাৰিব : টীয়কত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ
১৯৭৩ চনৰ পৰা ২০১৮ চনলৈ অবিৰতভাৱে অভিনয় কৰিছিল ভ্ৰাম্যমাণৰ মঞ্চত। অভিনেতাৰ লগতে তেওঁ আছিল এজন সুদক্ষ নাট পৰিচালক। কহিনুৰ, জ্যোতিৰূপা, বৰদৈচিলা, সুৰদেৱী আদি থিয়েটাৰৰ সৈতে জড়িত আছিল হাজৰিকা। কহিনুৰৰ মঞ্চত ‘মহাভাৰত’ নাটকত কৰা অৰ্জুনৰ দুৰ্দান্ত অভিনয় আজিও সজীৱ নাট্যপ্ৰেমীৰ মনত। কিন্তু তাৎপৰ্যৰ কথা এয়ে যে, দুবাৰকৈ আৱেদন কৰাৰ পাছতো শিল্পী পেঞ্চনৰ স্বীকৃতি নাপালে ভ্ৰাম্যমাণৰ বাবে নিজকে বিলাই দিয়া এইজন শিল্পীয়ে।
আৰু পঢ়িব পাৰিব : হাস্পতালৰ গাফিলতিঃআক্ৰান্ত নোহোৱা ব্যক্তিকো ক’ভিড ৱাৰ্ডত ভৰ্তি
মৃত্যুৰ কিছুদিনৰ পূৰ্বে তেওঁ মাত্ৰ লাভ কৰে চৰকাৰে শেহতীয়াকৈ প্ৰদান কৰা এককালীন সাহায্য। ২০১৮ চনৰ পৰা শিল্পীগৰাকীয়ে পাৰ কৰিছিল দুৰ্বিসহ জীৱন। এজন প্ৰকৃত শিল্পীক হেৰুৱাই মৰ্মাহত হৈছে সকলো দৰ্শক। পৰেশ হাজৰিকাৰ মৃত্যু ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে এক অপূৰণীৰ ক্ষতি!
Leave A Comment