• ভয়ংকৰ অগ্নিকাণ্ড, ভূস্মীভূত কেইটাও বাসগৃহ

    আঞ্চলিক
    ভয়ংকৰ অগ্নিকাণ্ড, ভূস্মীভূত কেইটাও বাসগৃহ

    নলবাৰীঃ বৰক্ষেত্ৰীৰ কুৰিহামাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বান, গৰাখহনীয়াৰ দৰে দুৰ্যোগ চলি থকাৰ সময়তে এইবাৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় কুৰিহামাৰী চৰত।
    কুৰিহামাৰী গাঁৱৰ আনছেৰ আলী, তমছেৰ আলী আৰু ছহিদুল ইছলাম নামৰ লোক কেইজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।





    অগ্নিকাণ্ডৰ ফলত কেইবাটাও পৰিয়াল ক্ষতিগ্ৰস্ত হয়। নথি-পত্ৰৰ লগতে ঘৰৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপন কৰা হয় যদিও জুইত জাহ যাই দৰিদ্ৰ পৰিয়াল কেইটাৰ কেইবাটাও বাসগৃহ। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।