• ভয়ংকৰ দুৰ্ঘটনা! বেলপাত বিচাৰি গৈ ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত দুই শিশু

    আঞ্চলিক
    ভয়ংকৰ দুৰ্ঘটনা! বেলপাত বিচাৰি গৈ ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত দুই শিশু

    নগাঁওঃ ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে আজি ৰাজ্যজুৰি অনুষ্ঠিত হ’ব বিশ্বকৰ্মা পূজা। অৱশ্যে কৰ'নাতংকৰ বাবে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ জাকজমকীয়া নহয় বিশ্ব খনিকৰৰ পূজা। বিশ্বকৰ্মা পূজাৰ বাবে বেলপাত আনিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছে দুই কণমানি৷





    নগাঁৱত ট্ৰাকৰ চেপাত গুৰুতৰভাৱে আহত এটি কণমাণি আৰু এটি কিশোৰ৷ নগাঁও ধিঙগে’টৰ উৰণীয়া সেতুৰ কাষেৰে চাইকেলৰে আহি আছিল কণমানি দুটি৷ বিপৰীত দিশৰ পৰা অহা AS09AC 7736 নম্বৰৰ ট্ৰাকখনে খুন্দিওৱাৰ ফলতে সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনাটো।





    ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত হোৱা দুয়োকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ দুয়োটি কণমাটিকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে৷ কণমানি দুটি ক্ৰমে তুষাৰ চাহা আৰু মুন দাস বুলি জানিব পৰা গৈছে৷