• ভয়ংকৰ দুৰ্নীতিঃ সাঙুৰ খাইছে বিধায়ক শ্বেৰমান আলীৰ নাম!

    আঞ্চলিক
    ভয়ংকৰ দুৰ্নীতিঃ সাঙুৰ খাইছে বিধায়ক শ্বেৰমান আলীৰ নাম!

    বৰপেটাঃ নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পাছৰেপৰা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ সময়তে বৰপেটা জিলাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। জিলাখনৰ ৪৫নং বাঘবৰ সমষ্টিত বিধায়ক উন্নয়ন পুঁজিৰ ব্যয়ত সংঘটিত হোৱা বৃহৎ কেলেংকাৰিত বিধায়ক শ্বেৰমান আলী জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে। বিধায়ক শ্বেৰমান আলী আহমেদকো ভিজিলেঞ্চৰ তদন্তৰ আওতাত আনিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে সমষ্টিৰ একাংশ লোকে।





    উল্লেখ্য যে, বাঘবৰত বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰ ব্যয়ৰ নামত সংঘটিত বৃহৎ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত ইতিমধ্যে ভিজিলেঞ্চৰ জালত পৰিছে তিনিজনকৈ চৰকাৰী বিষয়াৰ লগতে বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ তিনিজন ব্যক্তি। ইতিমধ্যে, মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে বৰপেটা জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী বিষয়া ইউছুফুৰ ৰহমান, মন্দিয়া উন্নয়ন খণ্ডৰ অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া যাদৱ চৌধুৰী আৰু কনিষ্ঠ অভিযন্তা আইনুৰ ৰহমানৰ লগতে বিধায়ক শ্বেৰমান আলীৰ অতি ঘনিষ্ঠ আব্দুৰ ৰেজ্জাক, মুজাহিদুৰ ৰহমান আৰু শ্বাহজামাল আলীক মঙলবাৰে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। বাঘবৰ সমষ্টিত বিধায়ক শ্বেৰমান আলীৰ ঘনিষ্ঠ লোকৰ সহযোগত সংঘটিত বৃহৎ কেলেংকাৰিৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাত ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হোৱাৰ সময়তে ভিজিলেঞ্চৰ তদন্ত সমষ্টিৰ দক্ষিণপাৰৰ আঁচনিৰ ক্ষেত্ৰতো সম্প্ৰসাৰণ কৰিবলৈ দাবী জনাইছে একাংশ লোকে। অভিযোগ অনুসৰি দক্ষিণপাৰতো বিধায়কৰ আন একাংশ ঘনিষ্ঠ লোকৰ সহযোগত সংঘটিত কৰিছে বৃহৎ দুৰ্নীতি। বিধায়ক উন্নয়ন পুঁজিৰ প্ৰতিটো কামৰে তদন্ত বিচাৰিছে সমষ্টিবাসীয়ে। আৰু তদন্ত কৰিলেই সকলো পোহৰলৈ আহিব বুলি দৃঢ়তাৰে দাবী কৰিছে অঞ্চলটোৰ একাংশ লোকে। কেৱল এয়াই নহয়, একাংশৰ অভিযোগ যে, বিধায়ক শ্বেৰমান আলীৰ ছত্ৰছায়াতে সংঘটিত হৈছে এই বৃহৎ কেলেংকাৰি!