Sci & Tech
Metaverse ecosystems offer completely working virtual environments in which people may collaborate, play games, and...
কৰিমগঞ্জঃ কৰিমগঞ্জৰ শ্ৰীগৌৰি এলেকাত সংঘটিত হৈছে ভয়ংকৰ পথদুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী আৰক্ষী কনিষ্ঠবলৰ। বদৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শ্ৰীগৌৰি মাধৱধাম এলেকাত সংঘটিত হয় দুৰ্ঘটনাটো। জানিব পৰা মতে কৰ্তব্য শেষ কৰি কাজল দে’ নামৰ কনিষ্ঠবলগৰাকীয়ে নিজৰ ঘৰলৈ যাওঁতে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ পিছফালে খুন্দা মাৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো।
প্ৰথমতে স্থানীয় ৰাইজে তেওঁক শ্ৰীগৌৰি প্ৰাথমিক চিকিৎসালয়লৈ লৈ যায়। কিন্ত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবে শিলচৰ চিকিৎসকে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। কিন্ত পথতে তেওঁৰ মৃত্যু হয়। দুৰ্ঘটনাগস্ত হৈ কনিষ্ঠবলগৰাকীৰ মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ট্ৰাক ৰৈ থকাৰ ফলতে সঘনাই সংঘটিত হৈ থাকে দুৰ্ঘটনা। এইক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা বিহিত ব্যাৱস্থা লোৱাৰ দাবী স্থানীয় লোকসকলৰ।
Leave A Comment